অসম

assam

ধুবুৰীৰ জাহাজ বন্দৰত A2Z কোম্পানীৰ ছিণ্ডিকেট

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 7:05 AM IST

IWAI ৰ ধুবুৰী জাহাজ বন্দৰৰ দায়িত্ব A2Z exim কোম্পানীক দিয়াৰ পিচতেই জাহাজ বন্দৰত ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে । ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে A2Z কোম্পানীৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰিছে ৷

A2Z company syndicate at Dhubri ship port
ধুবুৰীৰ জাহাজ বন্দৰত A2Z কোম্পানীৰ ছিণ্ডিকেট

ধুবুৰীৰ জাহাজ বন্দৰত A2Z কোম্পানীৰ ছিণ্ডিকেট

ধুবুৰী, 23 নৱেম্বৰ : ধুবুৰী জিলাৰ জাহাজ বন্দৰত গঢ়ি উঠিছে A2Z কোম্পানীৰ ছিণ্ডিকেট। ছিণ্ডিকেট আৰু ধনদাবীৰ গোচৰত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক। IWAI ৰ ধুবুৰী জাহাজ বন্দৰৰ দায়িত্ব A2Z exim কোম্পানীক দিয়াৰ পিচতেই জাহাজ বন্দৰত ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে । শিল কয়লা লোডিং আনলোডিং আৰু ৰপ্তানিৰ নামত অতিৰিক্তভাৱে কমিচন আদায় দিব লাগে A2Z কোম্পানীৰ কৰ্মকৰ্তাক। ফলত বাংলাদেশলৈ শিল কয়লা ৰপ্তানি বন্ধ কৰি ৰপ্তানীকাৰক সকলে ক্ষোভিত হৈ পৰিছে।

আনকি এই ঘটনা সন্দৰ্ভত ৰপ্তানীকাৰকে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে A2Z কোম্পানীৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত দুই অভিযুক্ত জাহিদ খন্দকাৰ আৰু জাহিদুল আলমক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ইয়াৰ পিচতে 22 নৱেম্বৰত ধুবুৰী আদালতত হাজিৰ কৰায় দুই অভিযুক্তক ।

উল্লেখ্য যে, ভূটান, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তিৰ ভিত্তিত ধুবুৰীৰ জাহাজ বন্দৰৰ পৰা শিল কয়লা বাংলাদেশলৈ ৰপ্তানি কাৰ্য আৰম্ভ হয়। কিন্তু কেইমাহমান পূৰ্বে জাহাজ বন্দৰৰ দায়িত্ব A2Z কোম্পানীক দিয়াৰ পিছৰে পৰাই অতিৰিক্তভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছিল। ইপিনে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা A2Z EXIM কোম্পানীৰ দুই অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ধুবুৰী আদালতে।

জানিব পৰা মতে, এজন ৰপ্তানীকাৰকৰ ব্যক্তিগত প্ৰতিনিধিয়ে ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত মঙলবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল দুয়োজনক। আৰক্ষীয়ে অভিযুক্তক জিম্মাত বিচাৰি আবেদন কৰাৰ পিচত আদালতে তিনিদিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে জাহিদ আৰু জাহিদুলক।

লগতে পঢ়ক:ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

ABOUT THE AUTHOR

...view details