অসম

assam

ETV Bharat / state

নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা মুক্ত হ'বলৈ এজন শিক্ষকে আৰম্ভ কৰিছে পদযাত্ৰা - হতাশাগ্ৰস্ত

নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা কেনেকৈ নিজকে আঁতৰত থাকিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এজন পেচাগত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে বৈজ্ঞানসন্মাত ভাৱে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । পশ্চিম অসমৰ ধুবুৰী জিলাৰ পৰা শদিয়া হৈ সুদূৰ অৰুণাচল লৈ অব্যাহত থাকিব এই পদযাত্ৰা ।

A teacher starts a journey to arunachal
নিচাযুক্ত সেৱনৰ পৰা মক্ত হ'বলৈ এজন শিক্ষকে আৰম্ভ কৰি পদযাত্ৰা

By

Published : Dec 11, 2020, 10:54 PM IST

পূৱ বিলাসীপাৰা, ১১ ডিচেম্বৰ : হতাশাগ্ৰস্ত পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা কেনেকৈ নিজকে আঁতৰত থাকিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এজন পেচাগত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে বৈজ্ঞানসন্মাত ভাৱে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ । এই উদ্দেশ্য লৈ বৰপেটা জিলাৰ পাঠশালা নিবাসী খনিন ৰয়ে ব্ৰেইন এণ্ড ফিগাৰ (BRAIN AND FIGURE) নামৰ এটা NGO ৰ উদ্যোগত পশ্চিম অসমৰ ধুবুৰী জিলাৰ পৰা শদিয়া হৈ সুদূৰ অৰুণাচল লৈ এক পদযাত্ৰা আৰম্ভ কৰিছে ।

নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা মক্ত হ'বলৈ এজন শিক্ষকে আৰম্ভ কৰি পদযাত্ৰা

উল্লেখ্য যে, খনিন ৰয় বৰপেটা জিলাৰ পাটবাউসী প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষক । ধুবুৰী পৰা শদিয়া হৈ অৰুণাচল অভিমুখে পদযাত্ৰাৰ পথত শুকুৰবাৰে পূৱ বিলাসীপাৰাৰ বহলপুৰৰ ৰত্নপীঠ কলেজৰ অধ্যক্ষ, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত খনিন ৰয়ক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৰয়ৰ পদযাত্ৰাৰ সফলতাৰ কামনা কৰে ।

লগতে পঢ়ক:অসমীয়া জাতীয় জীৱনত আপোচবিহীন অপৰাজেয় সৈনিক হ'ব বিচাৰো : লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details