অসম

assam

ETV Bharat / state

প্ৰকৃতিপ্ৰেমৰ চানেকি দেখুওৱা যুৱকজন... - প্ৰকৃতিপ্ৰেমী মেহতাব

ধুবুৰী জিলাৰ বাসিন্দা এজন যুৱকে বিগত কেইটামান বছৰৰ পৰা ব্ৰতি হৈছে প্ৰকৃতি ৰক্ষাৰ কামত । বিগত দিনসমূহত বহুতো চৰাই-চিৰিকতিক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি মুকলি আকাশত এৰি দিছে যুৱকজনে ৷

A story of nature lover dhubri assam etv bharat news
প্ৰকৃতিপ্ৰেমী মেহতাব

By

Published : May 10, 2020, 10:13 PM IST

ধুবুৰী,10 মে’ঃপ্ৰকৃতি ধ্বংসৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ চানেকি বহন কৰা যুৱক মেহতাব উদ্দিন ধুবুৰী জিলাৰ বাসিন্দা ৷ পক্ষীকুলৰ সৈতে এক প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছে প্ৰকৃতিপ্ৰেমী যুৱক মেহতাবে । ধুবুৰীৰ বাসিন্দা এই যুৱকজন বিগত কেইটামান বছৰৰ পৰা জড়িত হৈ পৰিছে প্ৰকৃতি ৰক্ষাৰ কামত । বিগত দিনসমূহত বহুতো চৰাই-চিৰিকতিক চিকিৎসা প্ৰদানেৰে সুস্থ কৰি মুকলি আকাশত এৰি দিছে যুৱকজনে ৷ শেহতীয়াকৈ ৰাজ্যক জোঁকাৰি যোৱা প্ৰচণ্ড ধুমুহাত আঘাতপ্ৰাপ্ত দুটাকৈ চিলনী আৰু এটা কুলি চৰাই উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰে । প্ৰায় এমাহজোৰা চিকিৎসাৰ অন্তত সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ উঠিছে চৰাই কেইজনী । লক্​ ডাউনৰ সময়ত তিনি আলহীৰ সৈতে ব্যস্ত প্ৰকৃতিপ্ৰেমী মেহতাব । পূৰ্বেও বিভিন্ন কাৰণত আঘাতপ্ৰাপ্ত দেশী-বিদেশী বহু চৰাই উদ্ধাৰ কৰি চিকিৎসা প্ৰদানেৰে সুস্থ কৰি তোলাৰ পিছত মুকলি আকাশত এৰি দিয়া বুলি উল্লেখ কৰে যুৱকজনে ৷

প্ৰকৃতিপ্ৰেমী মেহতাব

ABOUT THE AUTHOR

...view details