বিলাসীপাৰাত গৌৰাং নৈয়ে খহালে পকী দলং
বিলাসীপাৰাত-কোকৰাঝাৰ সংযোগী গড়কাপ্তানী পথত উটি গ'ল এখন পকী দলং। বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ৷ আবদ্ধ শ শ যান-বাহন ৷
বিলাসীপাৰাত গৌৰাং নৈয়ে খহালে পকী দলং
বিলাসীপাৰা,24জুলাইঃ বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰিছে ৷ নদীখনৰ উফন্দি উঠা জলপৃষ্ঠই দুইপাৰত ব্যাপক খহনীয়াৰ সৃষ্টি কৰাৰ লগতে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ আজি নদীখনে বিলাসীপাৰাত-কোকৰাঝাৰ সংযোগী গড়কাপ্তানী পথছোৱাৰ এলেংমাৰীস্থিত পকী দলং খন নৈৰ প্ৰৱাল সোঁতে উটুৱাই নিয়ে ৷ ইপিনে দলংখন নদীত জাহ যোৱাত শ শ যান বাহন আবদ্ধ হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলটো যোগাযোগ বিছিন্ন হৈ পৰিছে ৷