পশ্চিম বিলাসীপাৰা, 21 জুন : ক'ভিড যোদ্ধা হিচাপে কৰ্মৰত একাংশ স্বাস্থ্য কৰ্মীয়ে বিলাসীপাৰাত প্ৰাপ্য আদায়ৰ দাবীত নামিল প্ৰতিবাদত ৷ বিলাসীপাৰাৰ বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই সকল স্বাস্থ্য কৰ্মীয়ে প্ৰাপ্য আদায়ৰ দাবীত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷
উল্লেখ্য যে, বিগত ১০-১৫ বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চৰকাৰী চিকিৎসালয় সমূহত নিয়োজিত হৈ আছে এই সকল স্বাস্থ্য কৰ্মী ৷ সামান্য পাৰিতোষিকৰ বিনিময়ত দিনে নিশাই সেৱা আগবঢ়াই অহা এই সকল অস্থায়ী স্বাস্থ্য কৰ্মীৰ আজি পৰ্যন্ত নহ’ল চাকৰিৰ নিয়মীয়া কৰণ ৷
বিলাসীপাৰাত একাংশ স্বাস্থ্য কৰ্মীয়ে প্ৰাপ্য আদায়ৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ এই সকল স্বাস্থ্য কৰ্মীৰ চাকৰীৰ নিয়মীয়া কৰণৰ লগতে বহুকেইটা দাবীৰে সদৌ অসম অস্থায়ী চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সন্থাৰ ধুবুৰী জিলা সমিতিয়ে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷ স্বাস্থ্য কৰ্মী সকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি ক'ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দি অহা এই সকল অস্থায়ী স্বাস্থ্য কৰ্মীৰ চাকৰী অতি শীঘ্ৰে নিয়মীয়া কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীলৈ আহ্বান জনালে ধুবুৰী জিলা স্বাস্থ্য কৰ্মী সমিতিয়ে ৷
আনহাতে, চৰকাৰে ঘোষণা কৰা এক লাখ চৰকাৰী চাকৰিত এই সকল অস্থায়ী স্বাস্থ্য কৰ্মীক অন্তৰ্ভূক্ত কৰিব লাগে বুলিও দাবী তুলিছে প্ৰতিবাদী স্বাস্থ্য কৰ্মীসকলে ৷
লগতে পঢ়ক : চিৰাঙত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ