অসম

assam

মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ দেহত PPE কিট

By

Published : Jun 29, 2020, 5:24 AM IST

এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে PPE কিট পৰিধান কৰি মুক্ত বিচৰণ কৰি ফুৰিছে বিলাসীপাৰাৰ বগৰীবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত ৷ এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

a people with ppe kit spreading covid terror
a people with ppe kit spreading covid terror

পশ্চিম বিলাসীপাৰা, 28 জুন : ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে ক'ভিড-19 এ ৷ ইয়াৰ পিছতো কিন্তু একাংশ চিকিৎসক, স্বাস্থ্যকৰ্মী সাৱধানতা অৱলম্বনৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ৷ য'তে ত'তে পেলাই দিছে PPE কিট ৷ তেনে এটা PPE কিট এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকে পৰিধান কৰি মুক্ত বিচৰণ কৰি ফুৰিছে বিলাসীপাৰাৰ বগৰীবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত ৷ এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

বিলাসীপাৰাৰ বগৰীবাৰীত আতংক

হিন্দীভাষী লোক জনে ক'ৰবাত পোৱা এটা PPE কিট পৰিধান কৰিছে | শেহতীয়া কৈ বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কভিড-১৯ চিকিৎসালয় ঘোষণা কৰিছে ৷ সেই মতে চিকিৎসালয় খনত ৪৬ গৰাকী কভিড ১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে ৷ চিকিৎসালয় খনৰ ওচৰে পাজৰে পোৱা PPE কিটটো মানসিকভাৱে বিকাৰগ্ৰস্ত লোক জনে পৰিধান কৰি মুক্ত ভাবে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বুলি ধাৰণা কৰিছে অঞ্চলবাসীয়ে ৷

PPE কিট পৰিধান কৰি বিচৰণ এজন লোকৰ

উল্লেখ্যনীয় দিশ এয়াই যে PPE কিটটো পৰিধান কৰি লোক জনে বগৰীবাৰী আৰক্ষী থানাৰ সম্মুখৰে পাৰ হৈ আহিছে ৷ কিন্তু অৱশেষত পথটোৰে খোজ কাঢ়ি থকা লোক জনক বিলাসীপাৰাৰ নয়াহাট আৰক্ষী আটক কৰে ৷ লগতে কৰ পৰা PPE কিটটো লোকজনে পালে তাৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ দেহত PPE কিট

লগতে পঢ়ক : শিৱসাগৰত একেদিনাই দুটা কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details