ধুবুৰী, 6 আগষ্ট :দেশ তথা ৰাজ্যত এতিয়া টকিঅ’অলিম্পিকৰ জোৱাৰ উঠিছে ৷ ইয়াৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত অৱহেলিত বহু খেলুৱৈ পোহৰলৈ আহিছে ৷ চৰকাৰৰ সুবিধাৰ অভাৱত কোনো মতে, জীয়াই থকাৰ এটা পথ বাচি লৈছে খেলুৱৈ সকলে ৷
ধুবুৰীৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ । এতিয়া মাছ ধৰি, দিন হাজিৰা কৰি পোহপাল দিছে পৰিয়াল । এইজন এজন ৰাষ্ট্ৰীয় ফুটবল তাৰকা খেলুৱৈ । নাম আফছাৰ আলী । জহি খহি যোৱা এখন ঘৰত পৰিয়াল লৈ কোনোমতে জীৱন নিৰ্বাহ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আফছাৰ আলীয়ে ।
ধুবুৰীৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ প্ৰয়াত বাসিন্দা সোনাউদ্দিন শেখৰ পুত্ৰ এইজন আফছাৰ আলী । ছাত্ৰ অৱস্থাৰ পৰাই আফছাৰ আলীয়ে পঢ়া-শুনাৰ উপৰিও খেলত মনোযোগ দিছিল । সেইবাবে এটা সময়ত এইটো ভগা জুপুৰীৰ পৰাই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ সপোন দেখিছিল তেওঁ ।
স্কুল টুৰ্ণামেণ্ট খেলৰ পিছত ৰাজ্যিক পৰ্যায়ত খেলিবলৈ আৰম্ভ কৰিছিল আফছাৰ আলীয়ে । গুৱাহাটীৰ টাউন ক্লাৱকে ধৰি কেইবাটাও ক্লাৱৰ হৈ বহিঃৰাজ্যৰ বিভিন্ন স্থানত খেলিছে তেওঁ । তাৰ পিছত 1992 চনত উনৈশ অনুৰ্ধৰ ৰাষ্ট্ৰীয় ফুটবল দলত অসমৰ আন 6 জনৰ সৈতে নিজেও স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আফছাৰ আলী । কিন্তু হঠাৎ খেলি থাকোঁতেই তেওঁৰ ভৰিত বেয়াকৈ আঘাত পোৱাত আফছাৰৰ সেই সপোন আধৰুৱা হৈ ৰ’ল ।
প্ৰাক্তন ফুটবল খেলুৱৈ আফছাৰ আলীয়ে 1992 ত School games federation of India team ত অংশ গ্ৰহণ কৰিছিল । 1998 চনত অসম ফুটবল এচ’ছিয়েচনৰ অলিম্পিক বাছনি ফুটবল খেলত অংশ গ্ৰহণ কৰিছিল । তেনেদৰে 1993 চনত জুনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্য খনৰ ভিতৰত চেম্পিয়ন হৈ গৌৰীপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।