ক'ভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী দুমহীয়া সন্তানৰ মাতৃ ! - গৌৰীপুৰ
দুমহীয়া সন্তানৰ মাতৃৰ দেহত পোৱা গ'ল মহামাৰী কৰ'ণা ভাইৰাছ ৷ আক্ৰান্ত মহিলা গৰাকীৰ বয়স ১৯ বছৰ ।
![ক'ভিড-১৯ত আক্ৰান্ত ধুবুৰীৰ এগৰাকী দুমহীয়া সন্তানৰ মাতৃ ! a mother of two moth child found covid-19 positive in dhubri gauripur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7481188-330-7481188-1591300865912.jpg)
a mother of two moth child found covid-19 positive in dhubri gauripur
ধুবুৰী, 4 জুন : ধুবুৰীৰ গৌৰীপুৰত নতুনকৈ চিনাক্ত হৈছে ক'ভিড-১৯ আক্ৰান্ত এগৰাকী মহিলা ৷ দুমহীয়া সন্তানৰ মাতৃগৰাকীৰ দেহত পোৱা গ'ল মহামাৰী কৰ'ণা ভাইৰাছ ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে ধুবুৰীৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে ক'ভিড-১৯ত। আক্ৰান্ত মহিলা গৰাকীৰ বয়স ১৯ বছৰ । জানিব পৰা মতে বিহাৰৰ কাঠিয়া জিলাত ইটাভাটাত কাম কৰিবলৈ গৈছিল স্বামীৰ সৈতে মহিলাগৰাকী ৷