ধুবুৰী,24মেঃঅসমলৈ বহিঃৰাজ্য পৰা অহা এটা পৰিয়ালৰ কাহিনী শুনিলে আপোনাৰ চকুলো সেমেকি উঠিব ৷ বিগত ছদিনৰ যাত্ৰাৰ অন্তত বিহাৰৰ পৰা এখন থেলা-ৰিক্সা লৈ আহি নিজ ৰাজ্যত উপস্থিত হ‘লহি পাঁচজনীয়া পৰিয়ালসহ ধুবুৰীৰ আগমনীৰ ছাইদুল নামৰ ব্যক্তিগৰাকী ৷
উল্লেখযোগ্য যে, বিহাৰৰ পুৰ্নীয়াৰ ইটা ভাটাৰ শ্ৰমিক আগমনীৰ এইজন ছাইদুলে লক ডাউনৰ আগতেই গৈছিল বিহাৰৰ পুৰ্নীয়াৰ বাছী বজাৰৰ এটা ইটা ভাটাত কাম কৰিবলৈ ৷ প্ৰতিদিনে তিনিশ টকা হাজিৰা দিয়াৰ প্ৰতিশ্ৰুতিৰে পুৰ্নীয়াত কামৰ তাগিদাত যোৱা ছাইদুলক ইটা ভাটাৰ মালিকে প্ৰবঞ্চনা কৰি তিনিশৰ ঠাইত দুশকৈ টকা হাজিৰা প্ৰদান কৰিলে ৷ লকডাউনৰ পূৰ্বে পত্নীসহ পাঁচজনীয়া পৰিয়ালৰ সৈতে যোৱা ছাহিদুলে লকডাউন হোৱাৰ বাবে ইটা ভাতাটোত আৱদ্ধ হৈ পৰে ৷ বিগত দুমাহে কোনোমতে চলি থকা পৰিয়ালটোৰ হাতত লাহে লাহে টকা নাইকিয়া হয় আৰু মালিকেও তেঁওলোকক সহায় নকৰাত পৰিয়ালতো আৰ্থিক সমস্যাৰ লগতে খাদ্য সংকটত পৰে ৷