গোলকগঞ্জ,12 আগষ্ট:অসমৰ সীমামুৰীয়া জিলা ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে দীৰ্ঘদিনৰ পৰা অব্যাহত আছে পশুধনৰ অবৈধ সৰবৰাহ ৷ বুধবাৰে জিলাখনৰ গোলকগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ নদী পথেৰে অবৈধভাৱে গৰু সৰবৰাহ কৰিবলৈ চলোৱা এক চেষ্টাক বিফল কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহকাৰীৰ এটা দল দেখা মাত্ৰকে গুলীচালনা কৰে ৷ আৰক্ষীৰ এই অতৰ্কিত আক্ৰমণৰ ফলত কেইবাগৰাকী গৰু সৰবৰাহকাৰীয়ে গংগাধৰ নদীত জাপ দি পলায়ন কৰে ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে 42 টাকৈ গৰুৰ লগতে এই সৰবৰাহত জড়িত যন্ত্ৰচালিত নাও ৷
গোলকগঞ্জত বৃহৎ সংখ্যক চোৰাং গৰু জব্দ - ভাৰত বাংলা সীমান্ত
ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে দীৰ্ঘদিনৰ পৰা অব্যাহত আছে পশুধনৰ অবৈধ সৰবৰাহ ৷ বুধবাৰে আৰক্ষী তথা সেনা বাহিনীয়েয়ে জিলাখনৰ দুই পৃথক স্থানৰ পৰা জব্দ কৰে অবৈধভাৱে সৰবৰাহ কৰা বৃহৎ সংখ্যক গৰু ৷
চোৰাং গৰু জব্দ
ইয়াৰোপৰি,সীমান্তৰ চৌকিচৰৰ পৰাও ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জোৱানে জব্দ কৰে প্ৰায় 150 টাকৈ গৰু ৷ একেদিনাই জিলাখনৰ দুই পৃথক স্থানত অবৈধভাৱে সৰবৰাহ কৰা গৰু জব্দ হোৱা ঘটনাই সীমান্তত যে আজিকোপতি আৰক্ষীৰ চকুত ধূলি মাৰি গৰুৰ চোৰাং ব্যৱসায় চলি আছে সেয়া প্ৰতীয়মান হৈছে ৷
লগতে চাওকঃবনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত