পশ্চিম বিলাসীপাৰা, 25 জুন : বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পাইকানডাৰা 1 নং খণ্ড গাঁৱৰ বাসিন্দা নীল কমল নাথে দেখুৱাইছে স্বাৱলম্বিতাৰ উদাহৰণ ৷ 2007 চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত নীল কমল নাথে চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই বিফল হৈ পৰিছিল ৷ এজন সাংবাদিক হিচাপেও সেৱা আগবঢ়াই অহা নীলে অৱশেষত চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি কৃষি কৰ্মত মনোনিৱেশ কৰে ৷
নিজৰ ভূমিতে নিজা পদ্ধতিৰে শাক-পাচলিৰ লগতে ধান, মৰাপাট আৰু সৰিয়হ আদিৰ খেতি কৰাত মনোনিৱেশ কৰে যুৱ সাংবাদিক গৰাকীয়ে ৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ তৰফৰ পৰা কোনো সাহাৰ্য আগবঢ়োৱা নাই বুলি ক্ষোভেৰ প্ৰকাশ কৰে যুৱ কৃষক গৰাকীয়ে ৷ লগতে যুৱ কৃষক গৰাকীয়ে কয় যে,প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি,মুখ্যমন্ত্ৰী কৃষি সাঁ-সজুলি আঁচনিয়ে তেওঁক বৰ্তমানলৈকে ঢুকি পোৱা নাই |