ধুবুৰী,2 এপ্ৰিল: নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজক লৈ দেশজুৰি তীব্ৰ আলোড়ণৰ সৃষ্টি হোৱাৰ সময়তে ধুবুৰীৰ চাপৰৰ এখন ভিতৰুৱা গাঁওত ঝাৰখণ্ডৰ পৰা অহা এটা দহ জনীয়া পুৰুষ মহিলাৰ জামাতিৰ দলক লৈ চাঞ্চল্য ৷
ঘটনা অনুসৰি এই জামাতৰ দলটোত যোৱা 12 মাৰ্চত ঝাৰখণ্ডৰ কুৰদোৱাৰৰ পৰা দিল্লীলৈ যায় ৷ তাৰ পিছত 14 মাৰ্চত দিল্লীৰ পৰা ৰেল যোগে যাত্ৰা কৰি বিটিএডিৰ ফকিৰাগ্ৰাম ৰেল ষ্টেচনত নামে ৷ ষ্টেচনৰ পৰা জামাতিৰ দলটোৱে যোৱা 16 মাৰ্চ তাৰিখে চাপৰ কাজিপৰা মছজিদলৈ যায় ৷ প্ৰথমে চাপৰৰ কাজীপাৰা মছজিদত থকাৰ পিছত ঝাওকুৰা, খেলুৱা পাৰা, চান্দিৰ পাৰা আদি কেইবাটাও অঞ্চলত কেইবাজনো লোকৰ ঘৰত থাকে এই দলটো ৷ এনেতে দেশত লক ডাউন ঘোষণা হোৱাৰ পিছতেই স্থানীয় এজন লোকৰ ঘৰত আশ্ৰয় লৈছিল লোক কেইজনে ৷
ধুবুৰীৰ চাপৰত ঝাৰখণ্ডৰ জামাতিৰ দলক লৈ চাঞ্চল্য সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত বুধবাৰে নিশা চাপৰৰ চান্দিৰপাৰা গাঁওৰ পৰা বিলাসীপাৰা মহকুমা প্ৰশাসনে লোক কেইজনক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে স্ক্ৰিনিং কৰে ৷ উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ পিছত দলটোক বিলাসীপাৰা বৰকান্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইনত ৰখা হ'ব বুলি জানিব পৰা গৈছে ৷ অৱশ্যে চিকিৎসকে জনোৱা মতে কোনো এজনৰ দেহতে ক'ৰণাৰ লক্ষণ লাভ কৰা নাই যদিওঁ চৈধ্য দিনৰ কোৱাৰেণ্টাইনৰ পিছতহে স্পষ্ট হব ৷
উল্লেখ্য যে জামাতি দলটোত আছে 5 জন পুৰুষ আৰু 5 গৰাকী মহিলা ৷ স্বামী-স্ত্ৰী মিলি দহজন পুৰুষ মহিলা থকা জামাতি দলটোক মা মুচতুৰাত জামাত বুলি কোৱা হয় ৷ য'ত স্বামী আৰু স্ত্ৰী দুয়োজনে থাকে ৷ ইয়াৰে পুৰুষ সকলে মছজিদত থকাৰ বিপৰীতে মহিলা সকলে ওচৰৰ কোনোবা এজনৰ ঘৰত থাকে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱা 600 লোকক মুকলি জম্মু-কাশ্মীৰত