অসম

assam

ETV Bharat / state

হোম অ'টমেচিন চিষ্টেমেৰে দূৰৈৰ পৰাই চাওক আপোনাৰ ঘৰখন - A exceptional project create by a youth of Dhuburi

21 দিনীয়া লক ডাউনৰ সময়খিনিত ঘৰতে আবদ্ধ হৈ থাকি এক ইলেকট্ৰনিক যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে ধুবুৰীৰ এজন উচ্চ শিক্ষিত যুৱকে ৷ লক ডাউনৰ সময়খিনিত যুৱকজনে সম্পন্ন কৰিলে হোম অ'টমেচিন চিষ্টেম নামৰ প্ৰজেক্টটো ৷

A exceptional project create by a youth of Dhuburi during lock down
লক-ডাউনৰ সময়ছোৱাত এক অভিনৱ সৃষ্টি ধুবুৰীৰ এজন যুৱকৰ

By

Published : Apr 17, 2020, 7:50 PM IST

ধুবুৰী,17 এপ্ৰিল:কৰণা মহামাৰীক প্ৰতিহত কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ 21 দিনীয়া লক ডাউনৰ পিছতে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ কিন্তু এই লক ডাউনৰ সময়খিনি কিছুমানৰ বাবে মূল্যহীন যদিও কিছুমানৰ বাবে এই সময় অতি মূল্যৱান সময় ৷ লক ডাউনত ঘৰতে আবদ্ধ হৈ থাকি এই সময়খিনিক অধিক গুৰুত্ব সহকাৰে লৈ ধুবুৰীৰ এজন উচ্চ শিক্ষিত যুৱকে প্ৰস্তুত কৰি উলিয়াইছে এক ইলেকট্ৰনিক যন্ত্ৰ ৷ যাৰ জৰিয়তে আপুনি বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা মণিটৰিং কৰিব পাৰিব আপোনাৰ ঘৰ খনক ৷ এই অসম্ভৱ কাৰ্যক সম্ভৱ কৰি তুলিছে ধুবুৰীৰ সাহিবুল আহমেদ নামৰ এজন উচ্চ শিক্ষিত যুৱকে ৷ উল্লেখ্য যে বৰ্ডৰ চুইছ নিটিপাকৈয়ে এই যন্ত্ৰৰ দ্বাৰা অন বা অফ কৰিব পৰা যাব ঘৰৰ সকলো লাইট,ফেন,টিভিকে ধৰি সকলো বৈদ্যুতিক যন্ত্ৰ ৷ আনকি এই যন্ত্ৰৰ দ্বাৰা দেশ তথা বিশ্বৰ যিকোনো স্থানৰ পৰাই মোবাইল ইণ্টাৰনেটৰ জৰিয়তে আপুনি মণিটৰিং কৰিব পাৰিব আপোনাৰ ঘৰখনক ৷

লক-ডাউনৰ সময়ছোৱাত এক অভিনৱ সৃষ্টি ধুবুৰীৰ এজন যুৱকৰ

উল্লেখ্য যে শিক্ষাগত অৰ্হতা হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা 2017 বৰ্ষত কম্পিউটাৰ আই টি বিভাগত বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল সৰুৰে পৰাই মেধাৱী যুৱকজনে ৷ ইয়াৰ পাছতে ৰিলায়েন্স কোম্পানীৰ (জিও ফাইবাৰ)এজন সহকাৰী প্ৰবন্ধক হিচাপে চাকৰিত যোগদান কৰিছিল ধুবুৰী চহৰৰ বাৰ নম্বৰ ৱাৰ্ডৰ সুভাষ নগৰ অঞ্চলৰ সাহজাহান আলী আহমেদৰ পুত্ৰ সাহিবুল আহমেদে ৷ বিগত দুবছৰ ধৰি এই প্ৰজেক্টৰ ওপৰত কাম কৰি থকা বুলি জনাই যুৱকজনে ৷ সময়ৰ অভাৱত সম্পন্ন কৰিব নোৱোৰা প্ৰজেক্টটোৰ কাম লক-ডাউনৰ সময়ছোৱাত আগবঢ়াবলৈ সুবিধা বুলি উল্লেখ কৰে সাহিবুলে ৷ এই লক ডাউনৰ সময়খিনি অপচয় নকৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি সাহিবুলে সম্পন্ন কৰিলে হোম অ'টমেচিন চিষ্টেম নামৰ প্ৰজেক্টটো ৷

লক-ডাউনৰ সময়ছোৱাত এক অভিনৱ সৃষ্টি ধুবুৰীৰ এজন যুৱকৰ

ইপিনে পুত্ৰৰ এনে সাফল্যত উৎসাহী পিতৃ শ্বাহজাহান আলী আহমেদ ৷ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত সাহজাহান আলী আহমেদে পুত্ৰৰ সাফল্যত ৰাইজৰ সহায়ৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে যুৱকজনৰ পিতৃয়ে ৷

লগতে পঢ়কঃ অতি শীঘ্ৰে ৰাজ্য জুৰি মথাউৰি মেৰামতিৰ কাম আৰম্ভ হ'বঃ মন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details