অসম

assam

By

Published : Dec 15, 2021, 5:37 PM IST

ETV Bharat / state

Road accident at Dhubri : ধুবুৰীৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘন কুঁৱলীৰ বাবে ধুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা (Road accident at Dhubri) ৷ দুৰ্ঘটনাটোত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে আহত হৈছে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ৷

bike rider died in a road accident
ধুবুৰীৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

ধুবুৰী, 15 ডিচেম্বৰ:ঘন-কুঁৱলীয়ে ছানি ধৰাৰ বাবে শীতকালৰ এই সময়চোৱাত যান-বাহন চলোৱাৰ ক্ষেত্ৰত সৃষ্টি হয় যথেষ্ট অসুবিধাৰ ৷ শেহতীয়াকৈ ঘন কুঁৱলীৰ বাবেই ধুবুৰীৰ বালাজানৰ ডুমৰদহত 14 ডিচেম্বৰৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dhubri) ৷

তথ্য অনুসৰি গৌৰীপুৰৰ পৰা আগমনী অভিমুখে গৈ থকা AS 09 G 4919 নম্বৰৰ মটৰ চাইকেল এখনে খুন্দা মাৰে এগৰাকী চাইকেল আৰোহীক ৷ মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চাইকেল আৰোহীগৰাকী ৷

নিহত ব্যক্তিজন আগমনী কালডোবা প্ৰথম খণ্ড গাঁৱৰ ছাইদুল শেখ বুলি জানিব পৰা গৈছে ৷ আনহাতে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কাঠলতলা গাঁৱৰ আমজাদ আলী ৷

লগতে পঢ়ক:Coonoor chopper crash: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গ্ৰুপ কেপ্টেইন বৰুণ সিঙে

ABOUT THE AUTHOR

...view details