ধুবুৰী, 26 নৱেম্বৰঃবৃহস্পতিবাৰে আবেলি ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ধুবুৰীৰ এজন লোকে প্ৰাণ হেৰুৱালে । জানিব পৰা মতে, ধুবুৰী চহৰৰ তিনি নম্বৰ ৱাৰ্ডৰ পৰিমল দে'ৰ পুত্ৰ প্ৰণৱ দে' নামৰ 35 বছৰীয়া যুৱকজনে এজন আত্মীয়ৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰি কেইজনমান বন্ধুৰ সৈতে ধুবুৰীৰ যোগময়া ঘাটত গা ধুবলৈ গৈছিল ৷
আটাইকেইজনে গা ধুই থাকোঁতেই হঠাৎ পানীত ডুব যায় প্ৰণৱ দে' নামৰ যুৱকজন । লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বন্ধু কেইজনৰ মাজত ।