ধুবুৰী, 21 জুন : নৱম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে সমগ্ৰ বিশ্বতে ৷ দেশ তথা ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলাতো কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ধুবুৰীৰ ঝগৰাৰপাৰ ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা যোগ দিৱসত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । উল্লেখ্য যে, প্ৰতিকূল বতৰক নেওচি হাজাৰ হাজাৰ লোক আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ যোগাসন অথবা যোগৰ অনুশীলন কৰে । লক্ষণীয় বিষয়, পুৱা প্ৰায় চাৰে ছয় বজাত অনুশীলন আৰম্ভ হোৱাৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য ভাল ৰখা সন্দৰ্ভত পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ দীঘলীয়া ভাষণত শৰীৰ চৰ্চা, যোগাভ্যাস, শিক্ষা, সংস্কৃতি, ধৰ্ম আদি বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে । ধুবুৰীত যথেষ্ট লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি, অভিভাৱকসকলে নিজৰ সন্তানটি সন্দৰ্ভত কিছু সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ সাংস্কৃতিক আৰু ধাৰ্মিক পৰিৱেশত এনে সমস্যাবোৰৰ উদ্ৰেক নঘটে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।