অসম

assam

ETV Bharat / state

সুকলমে ঘূৰি আহিল ইছামাটিত আবদ্ধ হৈ থকা বিলাসীপাৰাৰ 7 জন শ্ৰমিক - 7 labours of bilasipara rescued from isamati meghalaya

ইছামাতিৰ পৰা বিলাসীপাৰাৰ 7 জন শ্ৰমিকসহ ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা জিলাৰ দুই শতাধিক শ্ৰমিকক নিৰাপত্তাৰক্ষীৰ সহযোগত নিৰাপদে উদ্ধাৰ কৰি অসমলৈ লৈ আনে বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ এটা দলে ৷

বিলাসীপাৰাৰ 7 জন শ্ৰমিক
বিলাসীপাৰাৰ 7 জন শ্ৰমিক

By

Published : Mar 6, 2020, 10:15 AM IST

কামাৰদিহি, 6 মাৰ্চঃবিলাসীপাৰা কামাৰদিহি 1ম খণ্ড গাঁৱত এতিয়া যেন অন্ত নাই সুখৰ ৷ কিয়নো ঘূৰি আহিল মেঘালয়ত আইন শৃংখলাজনিত কাৰণত আবদ্ধ হৈ থকা 7 জনকৈ লোক ৷ বৃহস্পতিবাৰে পুৱা বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ এটা দলে পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ সহযোগত,ইছামাতিৰ পৰা বিলাসীপাৰাৰ 7 জন শ্ৰমিকসহ ধুবুৰী,কোকৰাঝাৰ আৰু বৰপেটা জিলাৰ দুই শতাধিক শ্ৰমিককো নিৰাপদে উদ্ধাৰ কৰি অসমলৈ লৈ আনে ৷

সুকলমে ঘূৰি আহিল ইছামাটিত আবদ্ধ হৈ থকা বিলাসীপাৰাৰ 7 জন শ্ৰমিক

ABOUT THE AUTHOR

...view details