কামাৰদিহি, 3 মাৰ্চঃমেঘালয় ৰাজ্যৰ ইছামতিত শ্ৰমিকৰ কাম কৰিবলৈ গৈ আৱদ্ধ বিলাসীপাৰাৰ কামাৰদিহি ১ম খণ্ড গাঁৱৰ ৭ জন শ্ৰমিক ৷ সম্প্ৰতি ৰাজ্য খনত অব্যাহত থকা আইন শৃংখলা জনিত কাৰণত সান্ধ্য আইনৰ বাবে আৱদ্ধ হৈ পৰিছে শ্ৰমিক কেইজন ৷ সম্প্ৰতি শংকিত হৈ পৰিছে শ্ৰমিক সকলৰ পৰিয়ালৰ লোক ৷
বিলাসীপাৰাত কান্দোনৰ ৰোলঃ মেঘালয়ত আবদ্ধ বিলাসীপাৰাৰ 7 জন শ্ৰমিক - গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ
চুবুৰীয়া ৰাজ্য মেঘালয়ত সান্ধ্য আইনৰ বাবে আৱদ্ধ হৈ পৰিছে বিলাসীপাৰাৰ কামাৰদিহি ১ম খণ্ড গাঁৱৰ ৭ জন শ্ৰমিক ৷ তেওঁলোকক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ আহ্বান পৰিয়ালৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ৷
বিলাসীপাৰাৰ 7 জন শ্ৰমিক
বিগত দুমাহ পূৰ্বে মেঘালয়ৰ ইছামতিৰ চূণ শিলৰ শ্ৰমিকৰ কাম কৰিবলৈ গৈছিল ছালামত আলী (৪৫),ৰফিক স্বেখ (৩০),গাজী ৰহমান (৪০),আৰফান আলী (৫২),মফিজুল হক(৩০), আজিদূৰ ৰহমান (২৯),হাফিজুৰ ৰহমান (৩২) আৰু ইমৰান খান নামৰ 7 গৰাকী শ্ৰমিক ৷ অসম চৰকাৰক তেওঁলোকক শীঘ্ৰেই উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ৷