ধুবুৰী, 20 মাৰ্চ: শুকুৰবাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৷ এই দিনটোত ৰাজ্যৰ কেইবাগৰাকীয়ো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷ সমান্তৰালকৈ, পশ্চিম বিলাসীপাৰা সমষ্টিটো 6 গৰাকীকৈ প্ৰাৰ্থীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ত পৃথকে পৃথকে দাখিল কৰে মনোনয়ন ৷
পশ্চিম বিলাসীপাৰাত অন্তিমটো দিনত 6 গৰাকীকৈ পাৰ্থীৰ মনোনয়ন দাখিল - পশ্চিম বিলাসীপাৰা
শুকুৰবাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৷ এই দিনটোত পশ্চিম বিলাসীপাৰা সমষ্টিটো 6 গৰাকীকৈ প্ৰাৰ্থীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ত পৃথকে পৃথকে দাখিল কৰে মনোনয়ন ৷
২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিৰ বাবে বিজেপিৰ পৰা ডাঃ আবু বক্কৰ ছিদ্দিক, ৰাইজৰ দলৰ পৰা আলী আকবৰ মিঞা, টিএমচিৰ পৰা আব্দুৰ ৰেজ্জাক, জেডিএৰ পৰা ইফতাৰুল ইছলাম, অজাপৰ পৰা ডাঃ আনেচ আহমেদ, নেশ্যনেল ৰোড মেপ পাৰ্টী অব ইণ্ডিয়াৰ পৰা আকবৰ আলী মণ্ডলে মনোনয়ন পত্ৰ দাখিল কৰে | আনহাতে, পূৱ বিলাসীপাৰা সমষ্টিত ৰিপাব্লিক পাৰ্টী অব ইণ্ডিয়াৰ পৰা প্ৰদীপ চন্দ্ৰ ৰায়, ৰাইজৰ দলৰ পৰা মছলেম উদ্দিন চৌধুৰী, আৰ এল এছ পিৰ পৰা মজনুৰ ৰহমান আৰু নিৰ্দলীয় হিচাপে সন্দ্বীপ দেবনাথ, ধনেশ্বৰ ৰায়, জীতেন্দ্ৰ নাথ অধিকাৰী, মমিনুৰ ইছলাম, আৰু আব্দুল জব্বাৰেও শুকুৰবাৰে দাখিল কৰে মনোনয়ন ৷
লগতে পঢ়ক-বিপিএফৰ কোনো নীতি-আদৰ্শ আৰু নিৰ্দেশনা নাইঃ মনোকুমাৰ ব্ৰহ্ম