গুৱাহাটী, ৩ জুলাই :লক্ ডাউনৰ কিছু শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাত পুনৰ সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং বেহা । ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ এঘৰৰ পৰা বাংলাদেশলৈ চোৰাংকৈ চালান দিয়াৰ বাবে ৰখা বৃহৎ সংখ্যক গৰু আৰক্ষীৰ এটা দলে নিশা চলোৱা এক অভিযানত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ।
জানিব পৰা অনুসৰি, গোপন তথ্যৰ ভিত্তিত ধুবুৰী সদৰৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অসম-বংগ সীমান্তৰ ছাগলীয়া আৰক্ষী চকীৰ এটা দলে পোকালাগি দ্বিতীয় খণ্ড গাঁৱৰ জনৈক জিয়াদুল আলীৰ বাসগৃহত অভিযান চলাই বাংলাদেশলৈ চোৰাংকৈ পঠিওৱাৰ বাবে সাজু কৰা ৫২ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷