পূৱ বিলাসীপাৰা, ৮ নৱেম্বৰ :পূৱ বিলাসীপাৰাৰ চাপৰত শনিবাৰে এটা লম্পটৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰে এগৰাকী কিশোৰী ৷ চাপৰৰ কৃষ্ণকলি চাহ বাগিছাৰ ফেক্টৰী লাইনৰ লক্ষ্মণ পাইক ওৰফে নাগাৰা নামৰ ৪৫ উৰ্ধৰ এক লম্পটে একে গাঁৱৰে এগৰাকী ৫ বছৰীয়া কিশোৰীক এখন বিদ্যালয়ত ধৰ্ষণৰ চেষ্টা কৰে ৷ কিন্তু কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লম্পট লক্ষ্মন পাইক ওৰফে নাগাৰে এন্ধাৰৰ সুযোগ লৈ উক্ত স্থানৰ পৰা পলায়ন কৰে ৷
ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছত কিশোৰীগৰাকীৰ পৰিয়াল সদস্য আৰু স্থানীয় ৰাইজে লম্পট লক্ষ্মণক বিচাৰি অভিযান চলায় যদিও লক্ষ্মণক বিচাৰি নাপায় । পুৱা আকৌ লক্ষ্মণক বিচাৰি স্থানীয় ৰাইজে অভিযান চলায় আৰু এঘৰত বহি সুৰা সেৱন কৰি থকা অৱস্থাত দেখা পায় ৷ স্থানীয় ৰাইজে লক্ষ্মণক উত্তম-মধ্যম শোধাই চাপৰ আৰক্ষী থানাত গটাই দিয়ে । লক্ষ্মণ পাইকে কিশোৰীগৰাকীক বিস্কুট খুওৱাৰ চলেৰে অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল ৷ চাপৰ আৰক্ষীয়ে লম্পট লক্ষ্মণ পাইক ওৰফে নাগাৰাক আটক কৰি চাপৰ আৰক্ষী থানালৈ লৈ আনে । সম্প্ৰতি চাপৰ আৰক্ষীয়ে লক্ষ্মণ পাইকক জেৰা অব্যাহত ৰাখিছে ।