অসম

assam

ETV Bharat / state

শিক্ষক দিৱস উপলক্ষে ধুবুৰীত ৪০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন - সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিন

ধুবুৰী শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত উদযাপন কৰা হ’ল ৬১ সংখ্যক শিক্ষক দিৱস (Teachers day in Dhubri)৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ ৪০ গৰাকী কৃতি শিক্ষক-শিক্ষয়িত্ৰীক ফুলাম গামোচা, শৰাই, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Teacher felicitation in Dhubri) ৷

Teachers day in Dhubri
শিক্ষক দিৱস উপলক্ষে ধুবুৰীত ৪০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন

By

Published : Sep 5, 2022, 11:03 PM IST

ধুবুৰী, 5 ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীৰ ভিন্ন প্ৰান্ততো উদযাপন কৰা হ’ল শিক্ষক দিৱস ৷ ধুবুৰীৰ ধুবুৰী শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৬১ সংখ্যক শিক্ষক দিৱস (Teachers day in Dhubri)৷ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ ৪০ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক ফুলাম গামোচা, শৰাই, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Teacher felicitation in Dhubri) ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে কয়, ‘‘শিক্ষকসকল সমাজৰ একোজন স্থপতিবিদ ৷ এখন ভাল সমাজ, ভাল নাগৰিক গঢ়াৰ দায়িত্ব শিক্ষকৰ হাতত ন্যস্ত থাকে ৷ সেইবাবে শিক্ষকসকল আমাৰ বাবে অতিশয় শ্ৰদ্ধাৰ, অতি আদৰৰ’’৷

অতিৰিক্ত উপায়ুক্তগৰাকীয়ে শিক্ষা ব্যৱস্থাত প্ৰাথমিক শিক্ষাৰ গুৰুত্বৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ ব্যাখ্যা দাঙি ধৰে ৷ সভাত জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল দাস, ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ৰঞ্জিত কুমাৰ দাম, কেবাজনো অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, সম্বৰ্ধিত শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

শিক্ষক দিৱস উপলক্ষে ধুবুৰীত ৪০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন

ধুবুৰীৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে উদযাপন কৰা হ’ল মহান মনীষী, শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিবিদ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিন (Birth anniversary of Radhakrishnan) ৷ অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষৰ লগতে শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা হয় ‘‘শিক্ষাগুৰু সন্মান সমাৰোহ’’ (Teachers day celebration at AMCH)। AMCH ৰ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই শিক্ষাগুৰু সন্মান সন্মিলনত চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষক তথা জ্যেষ্ঠ চিকিৎসকসকলক বিশেষ সন্মান জনোৱা হয় ।

মহানগৰীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়তো শিক্ষক দিৱস উদযাপন কৰা হয় (Teachers day celebration at AJB)। এই উপলক্ষে অযোজিত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখী । দিনৰ প্ৰায় ১১:৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত হোৱা ৰাজ্যপালগৰাকীক স্কাউট গাইডৰ লগতে গায়ন-বায়নেৰে মঞ্চলৈ আদৰণি অনা হয় ।

লগতে পঢ়ক:তিনিচুকীয়াৰ বাঘজান দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

ABOUT THE AUTHOR

...view details