ধুবুৰীত মহামাৰীৰ ৰূপত জাপানীজ এনকেফেলাইটিছ
ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিত আক্ৰান্ত হৈছে চাৰিজনকৈলোক । ইতিমধ্যে দুজনৰ মৃত্যু ৷
ধুবুৰী, ১৩ জুলাই : ৰাজ্যৰ আন জিলাৰ লগতে এইবাৰ ধুবুৰী জিলাতো মহামাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগে । জিলাখনৰ বিলাসীপাৰা পশ্চিম সমষ্টিত যোৱা কেইটা দিনত চাৰিজনকৈ লোক আক্ৰান্ত হৈছে । ইয়াৰে এজন বৃদ্ধলোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । উল্লেখযোগ্য যে বিলাসিপাৰা পশ্চিম সমষ্টিৰ কাউনবাৰী গাঁওৰ আব্দুল জলিলৰ আঠ বছৰীয়া কন্যা জুলেখা খাতুন আজি প্ৰায় বিশ দিন মান পূৰ্বে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় । উন্নত চিকিৎসাৰ বাবে শিশুটিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও দুই সপ্তাহ চিকিৎসা গ্ৰহণৰ পিছত আৰ্থিক ভাৱে জুৰুলা হৈ পৰা দৰিদ্ৰ পৰিয়ালটোৱে শিশুটিক ঘৰলৈ উভতাই আনি কাষ চাপিছে কবিৰাজৰ । আচৰিত যে মহামাৰী ৰোগটোৰ চিকিৎসা চৰকাৰী ফালৰ পৰা বিনামূলীয়া ভাবে কৰা হৈছে বুলি চৰকাৰে কোৱাৰ পিছতো অৰ্থৰ অভাৱত কবিৰাজৰ কাষ চাপিব লগীয়া হৈছে পৰিয়ালটো । অন্ধ বিশ্বাসৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালটোৰ খবৰ নিবলৈ আজি শুকুৰবাৰৰ উপস্থিত হয় সাংবাদিকৰ লগতে স্থানীয় পঞ্চায়ত সভানেত্ৰীৰ স্বামী আবুল কালাম আৰু আমছু নেতা দিলোৱাৰ হুছেইন সহ স্থানীয় একাংশ লোক । একদৰে ধুবুৰীৰ বাংলাদেশ সীমান্তবৰ্তী ৰতিয়াদাহ তৃতীয় খন্ড গাঁৱত শনিবাৰে জাপানীজ এনকেফেলাইটিচত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ গাঁও খনৰ সৰলা বিবি নামৰ মহিলা গৰাকী দীৰ্ঘদিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ আছিল ৷