অসম

assam

ETV Bharat / state

বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি - dhubri

সুৰামত্ত সেনা জোৱানৰ উদ্ভাণ্ডলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শতাধিক যান বাহন ৷

সুৰামত্ত সেনাৰ জোৱানৰ উদ্ভাণ্ডলিৰ ফলত নিঃশেষ এটা পৰিয়াল !

By

Published : Jun 9, 2019, 3:06 PM IST

পশ্চিম বিলাসীপাৰা , 09 জুন :বিলাসীপাৰাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ সেনাৰ জোৱানৰ বাহনৰ সৈতে ছুইফট ডিজায়াৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে মৃত্যু হয় চাৰিজনকৈ লোকৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি AS-18-G-2930 নম্বৰৰ ছুইফট ডিজায়াৰ বাহন এখনৰে গোৱালপাৰাৰ পৰা ৰাহুল ৰায় সিংহ নামৰ লোকজনে পৰিয়ালসহ ধুবুৰী অভিমুখে গৈ আছিল ৷ তেনে সময়তে চিৰাকুটাত , বিপৰীত দিশৰ পৰা AS-17-J-0119 নম্বৰৰ সেনা জোৱানৰ স্কৰপিঅ' বাহন এখনৰ সৈতে ছুইফট ডিজায়াৰখনৰ প্ৰচণ্ড জোৰে মুখামুখি সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত সেনা জোৱানকেইজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও ডিজায়াৰ বাহনখনত থকা গোৱালপাৰাৰ ৰাহুল ৰায় সিংহ আৰু চালক ৰুবুল থিতাতে নিহত হয় ৷ লগতে সংকটজনক অৱস্থাত ৰাহুল ৰায় সিংহৰ পত্নী দীপশিখা সিংহ আৰু দুই বছৰীয়া কন্যা সন্তান ময়ূখ সিংহক বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত মৃত্যু হয় দুয়ো মাতৃ কন্যাৰ ৷

সুৰামত্ত সেনাৰ জোৱানৰ উদ্ভাণ্ডলিৰ ফলত নিঃশেষ এটা পৰিয়াল !

ইপিনে সুৰামত্ত সেনা জোৱানৰ উদ্ভাণ্ডলিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগত ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শতাধিক যান বাহন ৷ আনহাতে মাত্ৰ কেই কিলোমিটাৰ মান নিলগত থকা শালকোচা আৰক্ষী ঘটনাস্থলীত প্ৰায় দুঘন্টা পলমকৈ উপস্থিত হোৱাত জাঙুৰ খাই উঠে জনতা ৷ উত্তেজিত জনতাই শালকোচা আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰাজহ চক্ৰ বিষয়া, মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ বৃহৎ সংখ্যক আৰক্ষী আৰু সেনা বাহিনীৰ দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে | উল্লেখ্য যে নিহত দীপশিখা সিংহ গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ খুলশালীয়েক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে মৃতদেহ কেইটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

...view details