চাপৰ, 8 এপ্ৰিলঃ চাপৰত বৰ্তমানলৈ জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক কোৱাৰাণ্টাইন কৰোৱা হয় । জামাল উদ্দিনৰ পৰিয়ালৰ ২২ জন সদস্যৰ লগতে তেওঁৰ সংস্পৰ্শত অহা ৬ জন ব্যক্তিৰ টেষ্টৰ নমুনা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে । ইয়াৰোপৰি মহকুমা স্বাস্থ্য বিষয়াসহ ৬ গৰাকী স্বাস্থ্য কৰ্মীকো কোৱাৰাণ্টাইন কৰা হয় । লগতে তবলিগী জামাতৰ লগত জড়িত আন পাঁচ জনক ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে চাপৰ অঞ্চলৰ মন্দিৰ-মছজিদ সমূহত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । চেনিটাইজেশ্যন কৰিবৰ বাবে দুদিনৰ বাবে বন্ধ দিয়া হৈছে চাপৰ প্ৰাথমিক চিকিৎসালয়ো ।
জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক কোৱাৰাণ্টাইন - মহকুমা স্বাস্থ্য বিষয়াসহ ৬ গৰাকী স্বাস্থ্য কৰ্মীকো কোৱাৰাণ্টাইন
জামাল উদ্দিনৰ সংস্পৰ্শত অহা 35 গৰাকী লোকক বৰ্তমানলৈ কোৱাৰাণ্টাইন কৰোৱা হৈছে চাপৰত । ইয়াৰোপৰি মহকুমা স্বাস্থ্য বিষয়াসহ ৬ গৰাকী স্বাস্থ্য কৰ্মীকো কোৱাৰাণ্টাইনত ৰখা হৈছে ।
35 people quarantined at chapar