ধুবুৰী, 6 ছেপ্তেম্বৰ : ধুবুৰী জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰে অংশ হিচাপে ধুবুৰী জিলা অধিবিদ্যা পৰিষদৰ প্ৰেক্ষাগৃহত জিলাখনৰ ৩২ গৰাকী কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয় ৷
সভাত ভাষণ প্ৰসংগত উপায়ুক্ত আম্বামুথানে কয় যে, শিক্ষক হ’ল এখন সমাজৰ মূল স্তম্ভ ৷ সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষ ভূমিকা থাকে শিক্ষকসকলৰ ৷ ইয়াৰ উপৰিও অনলাইন পাঠদানৰ প্ৰসংগত কৰ’ণা মহামাৰীৰ সময়ত হোৱা প্ৰযুক্তিগত পৰিৱৰ্তনৰ সময়তো শিক্ষক সমাজে লোৱা ভূমিকাৰ কথা উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷ লগতে জিলাখনৰ শিক্ষক আৰু শিক্ষাখণ্ডৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে শিক্ষাৰ দিশত জিলাখনক আগবঢ়াই নিব বুলিও কয় উপায়ুক্ত আম্বামুথানে ৷
সমান্তৰালকৈ উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ ভোলানাথ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ধ্ৰুৱ চক্ৰৱৰ্তীয়ে কয় যে, শিক্ষা অবিহনে কোনো এটা জাতি আগবাঢ়ি যাব নোৱাৰে ৷ সকলো জাতিৰ বাবে শিক্ষকসকল চিৰ নমস্য ৷