অসম

assam

ETV Bharat / state

বিলাসীপাৰাত ট্ৰাকৰ ভিতৰত উদ্ধাৰ 29 গৰাকী শ্ৰমিক - মহাৰাষ্ট্ৰৰ পৰা গোপনে পলাই আহে শ্ৰমিক

ধুবুৰীৰ বিলাসীপাৰাত উপস্থিত হোৱা 29 জন শ্ৰমিকক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি । প্ৰশাসনৰ চকুত ধুলি দি মহাৰাষ্ট্ৰৰ পৰা গোপনে পলাই আহে শ্ৰমিককেইজন ৷ শ্ৰমিককেইজনক আৰক্ষীয়ে আটক কৰি কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে ৷

মহাৰাষ্ট্ৰৰ পৰা পলায়ন বিলাসীপাৰাৰ শ্ৰমিক
মহাৰাষ্ট্ৰৰ পৰা পলায়ন বিলাসীপাৰাৰ শ্ৰমিক

By

Published : May 22, 2020, 1:30 PM IST

বিলাসীপাৰা, 22 মে’:শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পৰা ধুবুৰীৰ বিলাসীপাৰাত উপস্থিত হয় 29 জন শ্ৰমিক ৷ MH-03-CV-2831 নম্বৰৰ ট্ৰাকখনৰে মহাৰাষ্ট্ৰৰ চকুত ধুলি দি পলাই আহে শ্ৰমিককেইজন ৷ বিলাসীপাৰাৰ চিলকিখাতা গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখনৰ লগতে শ্ৰমিকসকলক ৷

মহাৰাষ্ট্ৰৰ পৰা পলায়ন বিলাসীপাৰাৰ শ্ৰমিক

আৰক্ষীয়ে আটক কৰি ইতিমধ্যে শ্ৰমিককেইজনক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শ্ৰমিককেইজনে ট্ৰাকখনৰ সন্মুখত ‘GUWAHATI HEALTH CAMP’ বুলি লিখি শ্ৰীৰামপুৰৰ তালাচী চকী পাৰ হৈ বিলাসীপাৰাৰ নিজ গাঁও চিলকিখাতা, বামুনগাঁৱত উপস্থিত হয় ৷

লগতে পঢ়ক:ফেনে ফুটুকাৰে বাঢ়িছে বৰপানী : কবলত বহুকেইখন গাঁও

ABOUT THE AUTHOR

...view details