অসম

assam

ETV Bharat / state

ধুবুৰীত আটক ২৬ জন বাংলাদেশী লোক ! - bangladeshi arrested

ধুবুৰী জিলাৰ বহলপুৰত ২৬ জনকৈ বাংলাদেশী লোক আটক ৷ যোৰহাটৰ কোকিলামুখ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ধুবুৰী অভিমুখে আহিছিল লোককেইজন । যোৰহাট আৰু শিৱসাগৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা কাম কৰিছিল তেওঁলোকে ।

26 numbers of Bangladeshi people arrested
26 numbers of Bangladeshi people arrested

By

Published : May 3, 2020, 7:00 PM IST

পূৱ বিলাসীপাৰা, ৩ মে' :লক্ ডাউনৰ মাজতে ধুবুৰীৰ চাপৰত উদ্ভৱ হ'ল এক শ্বাসৰুদ্ধকৰ পৰিবেশৰ । ২৬ জনকৈ বাংলাদেশী লোক আটক হৈছে ধুবুৰী জিলাৰ চাপৰত । চাপৰ থানাৰ অন্তৰ্গত বহলপুৰ পৰীক্ষণ চকীত দেওবাৰে পুৱা আটক বাংলাদেশী লোককেইজন । যোৰহাটৰ কোকিলামুখ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ধুবুৰী অভিমুখে আহিছিল লোককেইজন ।

বাংলাদেশী কেইজনে জমা দিয়া ভিছা

বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ পৰা যোৰহাটলৈ তিনিমাহ পূৰ্বে আহিছিল এইসকল লোক । যোৰহাট আৰু শিৱসাগৰ জিলাৰ ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা কাম কৰিছিল তেওঁলোকে । যোৰহাটৰ এজন লোকে ধুবুৰীত ভুৱা পৰিচয়ৰে পাৰপত্ৰ উলিয়াই দিছিল বাংলাদেশী লোক সকলক । এই পাৰপত্ৰৰ ভিত্তিত এটা চক্ৰৰ ছত্ৰছাঁয়াত AS-01HC-5934 আৰু AS-04BC-1383 নম্বৰৰ ট্ৰেভেলাৰ দুখনৰে ধুবুৰী জিলাৰ প্ৰৱেশদ্বাৰত উপস্থিত হৈছিল লোকসকল ।

ম্যাল উকলিছে বহু কেইখন ভিছাৰ

ধুবুৰী জিলা প্ৰশাসনে বহলপুৰ পৰীক্ষণ চকীত আটক কৰে বাংলাদেশীকেইজনক । একাংশ বাংলাদেশীৰ ভিছাৰ ম্যাদ উকলি যোৱা বুলি জানিবলৈ দিছে তেওঁলোকে । ট্যুৰিষ্ট ভিছাৰে অসমলৈ আহিছিল এইসকল লোক । বিগত দুই-তিনি বছৰৰ পৰা অসমত মাছমৰীয়াৰ কাম কৰি আহিছে এইসকল বাংলাদেশৰ লোকে ।

ধুবুৰীত আটক ২৬ জনকৈ বাংলাদেশী লোক !

ধুবুৰীৰ পৰা পশ্চিমবংগ হৈ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে । সম্প্ৰতি লোকসকলক কোৱাৰেন্টাইনত ৰাখি বাংলাদেশ দূতাবাসৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ধুবুৰী জিলা প্ৰশাসনে জানিবলৈ দিছে ।

লগতে পঢ়ক :ভুৱা ই-পাছ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ধুবুৰী জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details