পূৱ বিলাসীপাৰা, 28 এপ্ৰিল : বঙাইগাঁও আৰু ধুবুৰী জিলাৰ সীমান্তত সোমবাৰে সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা । চম্পাৱতী নৈৰ বহলপুৰ দলঙৰ ওপৰত এক অনাকাঙ্খিত পৰিস্থিতিৰ সন্মুখীন হয় ১৮ জনকৈ বহিঃৰাজ্যৰ যুৱকে । দেওবাৰে পূৱতি নিশা গুৱাহাটীৰ পৰা যুৱককেইজনে চাইকেলেৰে যাত্ৰা কৰিছিল কোচবিহাৰলৈ । সোমবাৰে পূৱতি নিশা যুৱক কেইজনে বঙাইগাঁৱৰ বইটামাৰী আৰক্ষী চকীৰ সন্মুখেৰে ধুবুৰী জিলাৰ বহলপুৰত প্ৰৱেশ কৰিছিল ৷ ধুবুৰী ৰেড জ'ন এলেকা হোৱা বাবে ধুবুৰী জিলা প্ৰশাসনে যুৱককেইজনক বাধা দিয়ে ৷ ফলত উভতি বঙাইগাঁও জিলালৈ যোৱাৰ মনস্থ কৰাত বঙাইগাঁৱৰ বইটামাৰী আৰক্ষীয়ে যুৱকৰ দলটোক বঙাইগাঁৱত জিলাত প্ৰৱেশত বাধা প্ৰদান কৰাৰ উপৰিও এজন যুৱকক প্ৰহাৰৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লক ডাউন: দুখন জিলাৰ মাজৰ দলঙত আৱদ্ধ বহিঃৰাজ্যৰ 18 যুৱক - PHOTO/VISUAL/BYTE
বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত ধুবুৰী জিলা প্ৰশাসনে যুৱক কেইজনক চাপৰৰ এটা ৰিলিফ কেম্পত ৰখাৰ ব্যৱস্থা কৰে তথা লক ডাউন খুলিলে তেওঁলোকক স্ব-গৃহলৈ উভতি যাবলৈ অনুমতি দিয়া হ‘ব বুলি জানিব পৰা গৈছে ৷
লক ডাউন : দুখন জিলাৰ মাজৰ দলংত আৱদ্ধ বহিঃৰাজ্যৰ 18 যুৱক
পৰৱৰ্তী সময়ত বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত ধুবুৰী জিলা প্ৰশাসনে যুৱক কেইজনক চাপৰৰ এটা ৰিলিফ কেম্পত ৰখাৰ ব্যৱস্থা কৰে তথা লক ডাউন খুলিলে তেওঁলোকক স্ব-গৃহলৈ উভতি যাবলৈ অনুমতি দিয়া হ‘ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : সংকটত এছিয়াৰ বৃহত্তম কলৰ বজাৰখন