পশ্চিম বিলাসীপাৰা, 27 ডিচেম্বৰ : শুকুৰবাৰে হস্তীৰ কন্যাখ্যাত পদ্মশ্ৰী সন্মানপ্ৰাপ্ত প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশ্ববিখ্যাত শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি শিল্পীগৰাকীৰ কেইবাটাও কালজয়ী গীতক ন ৰূপত সজাই তুলি উন্মোচন কৰা হয় 'প্ৰতিমাঞ্জলি' নামৰ এখনি এলবাম ৷ বৃহস্পতিবাৰে বিয়লি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত এলবামখনৰ শুভ উন্মোচন কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী কল্পনা পাটোৱাৰীয়ে | প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮ টাকৈ কালজয়ী গোৱালপৰীয়া লোকগীতক ন ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে এলবামটিত কন্ঠ নিগৰাইছে কল্পনা পাটোৱাৰীয়ে ৷
প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীত এলবাম উন্মোচন - 'প্ৰতিমাঞ্জলি' নামৰ এলবাম উন্মোচন
শুকুৰবাৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ এই দিনটোৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় এখনি এলবাম ৷
![প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীত এলবাম উন্মোচন এলবাম উন্মোচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5505972-thumbnail-3x2-pr-2.jpg)
প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী
প্ৰতিমা বৰুৱা পাণ্ডেৰ 17 সংখ্যক মৃত্যু বাৰ্ষিকী
কোচ ৰাজবংশী ভাষাৰ সুৰত কন্ঠদান কৰা গীতৰ এলবামটিয়ে শ্ৰোতা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰিছে শিল্পী পাটোৱাৰীয়ে | আনহাতে, এই এলবামটিৰ পৰিচালনা তথা সংগীত পৰিচালনা নিজৰ বুলি জানিবলৈ দিয়ে পাটোৱাৰীয়ে ৷ কোচ ৰাজবংশী সাংস্কৃতিক সমিতিৰ বিলাসীপাৰা জিলা সমিতিয়ে আয়োজন কৰা এই শুভ উন্মোচনী সভাত উপস্থিত থাকে সমিতিৰ জিলা পৰ্যায়ৰ নেতৃবৃন্দৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ | উন্মোচনী সভাত এলবামখনৰ গীতো পৰিৱেশন কৰে শিল্পী কল্পনা পাটোৱাৰীয়ে |
আৰু পঢ়ক : কোকৰাঝাৰত কে এল অৰ শ্বহীদ দিৱস উদযাপন