ধুবুৰী, 27 নৱেম্বৰ: ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে পশুধনৰ চোৰাং কাৰবাৰ (Cattle smuggling flourishing in Assam) । ৰাজ্য চৰকাৰৰ গো সুৰক্ষা বিধেয়ক(Assam cattle preservation bill)ক প্ৰত্যাহ্বান জনাই আন্তঃৰাষ্ট্ৰীয় গো ছিণ্ডিকেট চক্ৰ(cross-border cow smuggling trade) ই বাংলাদেশলৈ পাৰ কৰি গৈছে পশুধন । একাংশ আৰক্ষী বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি গো মাফিয়া আৰু পাছিং মাফিয়াই ন ৰূপত আৰম্ভ কৰিছে গো ছিণ্ডিকেট । প্ৰতি নিশাই বাংলাদেশলৈ চোৰাংভাৱে শ শ গৰু ৰপ্তানি কৰি অহাৰ(cattle smuggling from india to bangladesh) সমান্তৰালকৈ বাংলাদেশৰ পৰা গো ছিণ্ডিকেট চক্ৰইও আমদানি কৰি আহিছে ভাৰতীয় জালনোট(fake Indian currency note from Bangladesh) ।
আনহাতে গৰুৰ সমান্তৰালকৈ বাংলাদেশলৈ অতি কৌশলেৰে ড্ৰাগছৰ ৰপ্তানি কৰি থকা হৈছে । মুঠৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চোৰাং ছিণ্ডিকেট চক্ৰই গৰুৰ সমান্তৰালকৈ ড্ৰাগছ আৰু জালনোটৰ চোৰাং কাৰবাৰ চলাই গৈ আছে । গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰাৰ বাবে ৰাজ্যত গো সুৰক্ষা আইন ৰূপায়ণ হলেও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে ।
লগতে পঢ়ক:Gambler Arrested at Moran : মৰাণৰ বঁটামৰা চেঁচা পুখুৰীত বৃহৎ জুৱাৰ ঘাটি উৎখাত