ধুবুৰী, 8চেপ্তেম্বৰ:ৰাজ্যৰ ভিন্ন প্ৰান্তত ক'ৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ ১৬ জনকৈ অসম আৰক্ষীৰ জোৱান কৰ'ণাত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে, ৰেপিড এন্টিজেন টেষ্টত মানকাচাৰৰ ২৬ নং চোমৰাশালী বেটেলিয়ান কেম্পৰ ১৬ জন জোৱানৰ দেহত ধৰা পৰে COVID-১৯ পজিটিভ । পূৰ্বেও কেম্পৰ কেইবাগৰাকী জোৱান কৰ'ণাত আক্ৰান্ত হৈছিল ।
কৰণাত আক্ৰান্ত মানকাচৰৰ বেটেলিয়ান কেম্পৰ ১৬ গৰাকী জোৱান - Assam Police battalion from Mankachar 26th AP ((IR) Bn found covid-19 positive
কৰণাত আক্ৰান্ত মানকাচাৰ ২৬ নং চোমৰাশালী বেটেলিয়ান কেম্পৰ জোৱান ৷ মুঠ ১৬ জন জোৱানৰ দেহত ধৰা পৰে কোভিড ১৯ পজিটিভ ৷ আক্ৰান্ত জোৱান কেইজনক হাটশিঙিমাৰী কৰ'ণা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
১৬ জনকৈ অসম আৰক্ষীৰ জোৱান কৰ'ণাত আক্ৰান্ত
কৰ'ণা আক্ৰান্ত জোৱান কেইজনক জিলা স্বাস্থ্য বিভাগে হাটশিঙিমাৰী কৰ'ণা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । মানকাচাৰৰ ২৬ নং চোমৰাশালী বেটেলিয়ান কেম্পৰ জোৱান সকল এইদৰে কৰ'ণাত আক্ৰান্ত হোৱাত বৰ্তমান দক্ষিণ শালমাৰা মানকাচাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:পৰিয়ালৰ সাতজনকৈ সদস্য কোভিড-19ত আক্ৰান্ত; এনেতে মৃত্যু পিতৃৰ