অসম

assam

By

Published : Dec 25, 2019, 2:56 PM IST

ETV Bharat / state

ধুবুৰীৰ চাপৰত উদ্ধাৰ 11 টাকৈ বৰ্ণশংকৰ গৰুৰ মৃতদেহ

ৰাজ্যত ক্ৰমাণ্বয়ে ভয়াৱহ হাৰত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায়। ধুবুৰীবাসীৰ মতে,বহিঃৰাজ্যৰ পৰা সংগৃহীত বৰ্ণশংকৰ গৰু অসমৰ মাজেৰে সৰবৰাহ হয় বাংলাদেশলৈ ৷ যাৰ ফলত বুধবাৰে পুৱাই বাংলাদেশৰ সীমামূৰীয়া জিলা ধুবুৰীৰ চাপৰত ৰাইজে প্ৰত্যক্ষ কৰে গৰুকেইটাৰ মৃতদেহ ৷ একাংশৰ সন্দেহ কোনোবা অসাধু গৰু ব্যৱসায়ীয়ে সংঘটিত কৰে এনে দুষ্কাৰ্য ৷

11 cows deathbody
ধুবুৰীত উদ্ধাৰ বৰ্ণশংকৰ গৰুৰ মৃতদেহ

পূৱ বিলাসীপাৰা ,25 ডিচেম্বৰঃবুধবাৰে পুৱাই বাংলাদেশৰ সীমামূৰীয়া জিলা ধুবুৰীৰ চাপৰত ১১ টাকৈ বৰ্ণশংকৰ গৰুৰ মৃতদেহ উদ্ধাৰ ৷ উল্লেখনীয় যে,ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায়। বহিঃৰাজ্যৰ পৰা সংগৃহীত বৰ্ণশংকৰ গৰু অসমৰ মাজেৰে সৰবৰাহ হয় বাংলাদেশলৈ ৷ যাৰ ফলত এক ভয়ানক ঘটনা সংঘটিত হ'ল বাংলাদেশৰ সীমামূৰীয়া জিলা ধুবুৰীৰ চাপৰৰ খেৰডুবিত।

ধুবুৰীত উদ্ধাৰ 11 টাকৈ বৰ্ণশংকৰ গৰুৰ মৃতদেহ

জিলাখনৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত খেৰডুবি অঞ্চলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পুৱাই ৰাইজে প্ৰত্য়ক্ষ কৰে একাংশ গৰুৰ মৃতদেহ । ১১ টাকৈ বৰ্ণশংকৰ গৰুৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ উঠে অঞ্চলবাসী ৷ গৰুৰ অসাধু ব্যৱসায়ৰ লগত জড়িত ব্যক্তিয়ে এনে দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ। গৰু সমূহ ট্ৰাকেৰে বাংলাদেশলৈ সৰবৰাহ কৰোতে মৃত্যু হোৱাত নিশা ৰাজপথৰ দাঁতিৰ এই নিৰ্জন ঠাইত পেলাই দিয়াৰ সন্দেহ ৰাইজ তথা দল সংগঠনৰ। পিছত ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ মৃত গৰু সমূহ পুতি থোৱাৰ ব্যৱস্থা কৰে ৷ ইফালে সমগ্ৰ ঘটনাটো তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ বিভিন্ন দল সংগঠনে।

লগতে পঢ়কঃছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোতে সাৱধান! চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰৰ কঠোৰ সকীয়নি

ABOUT THE AUTHOR

...view details