ধুবুৰী,29 জানুৱাৰীঃদীৰ্ঘদিনৰ পৰা ধুবুৰী জিলাত নৈপৰীয়া লোকৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে পৰিচিত হৈ আহিছে নাওঁ বা ফেৰী সেৱা ৷ এই সুবিধাৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈছে জিলাখনৰ দক্ষিণপাৰৰ এক বৃহৎ অঞ্চলৰ জনসাধাৰণ ৷ এই সেৱা অব্যাহত থকাৰ মাজতে ধুবুৰীত 2012 চনৰ ৩০ এপ্ৰিলত সংঘটিত হয় ৰাজ্য জোকাৰি যোৱা মেদেৰটাৰী ফেৰী দুৰ্ঘটনা ৷ এই ঘটনাই প্ৰায় 7 বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু উন্নত নহ’ল সেই ঠাইৰ যাতায়াত ব্যৱস্থা ৷ আজিকোপতি দক্ষিণপাৰৰ ৰাইজে নাওঁ বা ফেৰীৰ সহায়তে অহা-যোৱা কৰি আছে ৷
উল্লেখ্য যে,মেদেৰটাৰীৰ উক্ত ফেৰী দুৰ্ঘটনাৰ পিছত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰাইজৰ সুবিধাৰ্থে ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্ৰহ্মপুত্ৰ নদীপথত আৰম্ভ কৰিছিল ১০৮ এম্বুলেঞ্চ সেৱা । কিন্তু এই এম্বুলেঞ্চ সেৱাৰ জৰিয়তে প্ৰকৃততে ৰাইজে কিমান উপকৃত হৈছে, নদীপথত কিদৰে চলিছে এই এম্বুলেঞ্চ সেৱা সেই সন্দৰ্ভত ই টিভি ভাৰতৰ এক গ্ৰাউণ্ড জিৰো ৰিপোৰ্ট ।
দক্ষিণপাৰৰ ৰাইজে কেনেদৰে ব্যৱহাৰ কৰিছে নদী এম্বুলেঞ্চ সেৱা :
অবিভক্ত ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা মানকাচৰ মহকুমাৰ ৰাইজৰ সুবিধাৰ্থে প্ৰথমে দুখনকৈ ১০৮ নাওঁ এম্বুলেঞ্চৰ জৰিয়তে আৰম্ভ কৰা হৈছিল জৰুৰীকালীন সেৱা । পৰৱৰ্তী সময়ত আন এখন ১০৮ এম্বুলেঞ্চ যোগান ধৰা হৈছিল ব্ৰহ্মপুত্ৰৰ নদীপথত । অনুসন্ধানৰ প্ৰাৰম্ভণিত দেখা গৈছে ধুবুৰীৰ নেতাই ধুবুনী ঘাটত দীর্ঘ দিনে বান্ধি ৰখা আছে দুখনকৈ ১০৮ নাওঁ এম্বুলেঞ্চ। মেৰামতিৰ অভাৱত জহি খহি গৈছে এম্বুলেঞ্চ দুখন ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি এই দুখন এম্বুলেঞ্চ দক্ষিণ পাৰৰ ফকিৰগঞ্জ, মাটিফাটা, মেদৰটাৰী, পুৰাভিটা, পামপাৰা, ফুলবাৰী, পাটাকাটা, মনিৰচৰ, বাউশকাটা, আইৰমাৰী আৰু বিলেৰচৰ আদি ঘাটৰ পৰা জৰুৰীকালীন ৰোগী ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰখা হৈছে। এম্বুলেঞ্চ দুখনৰ প্ৰতিখনতে চৰকাৰে চালকসহ পাঁচজনকৈ কৰ্মচাৰী নিয়োগ কৰিছিল ৷ কিন্তু এম্বুলেঞ্চ দুখনত কোনো কৰ্মচাৰী থকা পৰিলক্ষিত নহ’ল ।
ধুবুৰীত মৃত্যুঘণ্টা বাজিছে 108 নদী এম্বুলেঞ্চৰ :
প্ৰকৃততে এই এম্বুলেঞ্চ কাৰ্য্যক্ষম হয় নে নহয় বা বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰকৃততে এই জৰুৰীকালীন সেৱা লাভ কৰিছেনে নাই এই বিষয়ে জানিবলৈ আমি উপস্থিত হৈছিলোঁ ফকিৰগঞ্জ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত । এইখন স্বাস্থ্য কেন্দ্ৰত প্ৰতিদিনে প্ৰায় ডেৰশ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত একাংশ ৰোগীক জৰুৰীকালীন অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে যদিওঁ চিকিৎসকে তেনে ৰোগীক গোৱালপাৰা আৰু গুৱাহাটীলৈ প্ৰেৰণ কৰে। কাৰণ নদী পথত দীর্ঘদিনে ব্যাহত হৈ ৰৈছে ১০৮ এম্বুলেঞ্চ সেৱা ।
কেৱল এইখন স্বাস্থ্য কেন্দ্ৰই নহয়। এই অঞ্চলৰ শতাধিক গাঁওক সামৰি থকা ফকিৰগঞ্জ উপ স্বাস্থ্য কেন্দ্ৰ, কুশবাৰী স্বাস্থ্য আৰু পৰিয়াল কল্যান কেন্দ্ৰ, চতলা বিলপাৰা উপ স্বাস্থ্য কেন্দ্ৰ, মেদৰটাৰী ৰাজ্যিক চিকিৎসালয়, পামপাৰা নামাসেৰশো উপ স্বাস্থ্য কেন্দ্ৰ, বাউশকাটা উপ স্বাস্থ্য কেন্দ্ৰ, মনিৰচৰ উপ স্বাস্থ্য কেন্দ্ৰ, পাটাকাটা উপ স্বাস্থ্য কেন্দ্ৰ, শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিকে ধৰি প্ৰায় এঘাৰখন স্বাস্থ্য কেন্দ্ৰৰ বহুসংখ্যক ৰোগী জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চৰ অভাৱত মৃত্যুৰ ক্ষণ গনিবলগা হয়। এদিন দুদিন নহয়। সুদীৰ্ঘ 7 বছৰে নাওঁ এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হোৱা সাধাৰণ ৰাইজ বৰ্তমান ক্ষুব্ধ হৈ পৰিছে ।