জোনাই, ১৮ জুলাই : জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ২০ সংখ্যক দ্বি-বাৰ্ষিক জোনাই অধিবেশন (AJYCP Biennial Session in Jonai)। অধিবেশনখনিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই । অধিবেশনখনিত ৰাজ্যৰ বিভিন্ন জিলাৰ বহু সংখ্যক প্ৰতিনিধি তথা পাঁচ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ।
সাধাৰণ অধিৱেশনখনৰ শেষ নিশাটি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ মায়াজালেৰে জীপাল কৰি তোলে(Zubin Garg concert in Jonai) ৷ জুবিন গাৰ্গে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই অধিবেশন স্থলীতে জিলা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় (Demand for declarae Jonai district) ৷ জোনাই যিহেতু অৰুণাচল সীমান্তৱৰ্তী এক মহকুমা আৰু জিলা সদৰৰ সতে ইয়াৰ দূৰত্ব ১০০ কিলোমিটাৰ অধিক সেয়ে ৰাইজৰ সুবিধাৰ হকে এই অনুৰোধ জনায় জুবিন গাৰ্গে ৷
Zubeen Garg Programme: জোনাইত জোনাই মহকুমাক জিলা হিচাপে ঘোষণা কৰাৰ পোষকতা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতে স্বভাৱসুলভভাৱে শিল্পীগৰাকীয়ে জোনাইবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভাৰণ্য হিচাপে সংৰক্ষণ কৰিবলৈও চৰকাৰক আহ্বান জনায় । লগতে ২০২৪ চনত কলাগুৰু সংগীত মহোৎসৱ” জোনাইত অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ৷ জুবিন গাৰ্গৰ মন উতলা কৰা গীতৰ অনুষ্ঠানে মোহনীয় কৰি তুলিলে অধিবেশনৰ শেষ নিশা ।
ইফালে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত DID Little master ৰ দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্ত আপ্পোন পেগু আৰু আধ্যাশ্ৰী উপাধ্যায়ক এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সধাৰণ সম্পাদক পলাশ চাংমায়ে উদ্ধোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ বৰুৱা ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসকে আদি কৰি বিভিন্ন জাতীয় সংগঠনৰ নেতা ।
লগতে পঢ়ক:Theft in Dhubri: চোৰে লুটিলে দোকানৰ সামগ্ৰীসহ কেছবক্সৰ ধন