ধেমাজি,৩০ অক্টোবৰ: ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া গীতালি দুৱৰাক শাস্তিমূলক বদলিৰ দাবীত বুধবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয় উত্তাল কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ৷ প্ৰতিবাদকাৰীসকলে কাৰ্যালয়টোত তলাবন্ধ কৰাৰ উদ্দেশ্যৰে কাৰ্যালয়ৰ অভিমুখে অগ্ৰসৰ হয় যদিও প্ৰৱেশদ্বাৰত বিশাল আৰক্ষী আৰু চি আৰপি এফ বাহিনীয়ে সমদলটোক বাধা দিয়ে ৷ ফলস্বৰূপে প্ৰৱেশদ্বাৰতে নিৰাপত্তাৰক্ষীৰ সৈতে ঠেলাঠেলি লিপ্ত হয় প্ৰতিবাদকাৰী সকল ৷ ধেমাজি ৰাজহচক্ৰ বিষয়া গীতালি দুৱৰা হায় হায়, গীতালি দুৱৰাক শাস্তিমূলক বদলি কৰক, ঘোচখোৰ দালাল মণ্ডলসকল হুচিয়াৰ - আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল হৈ পৰে ৷
ধেমাজিত দুৰ্নীতিগ্ৰস্ত বিষয়াক বদলিৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি
প্ৰতিবাদত উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ ৰাজহচক্ৰ বিষয়াৰ বিৰুদ্ধে গৰজি উঠিল যুৱ-ছাত্ৰ পৰিষদ ৷
![ধেমাজিত দুৰ্নীতিগ্ৰস্ত বিষয়াক বদলিৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4908823-thumbnail-3x2-ajycpp.jpg)
yuva satra parishad protest in dhemaji
যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়
ইপিনে সংগঠনটোৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই অভিযোগ উত্থাপন কৰি কয় যে, দীৰ্ঘদিন ধৰি ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ত মাটি ম্যাদীকৰণকে ধৰি বিভিন্ন কাম-কাজ কৰাৰ বাবে কাৰ্যালয়টোৰ ৰাজহ চক্ৰ বিষয়া গৰাকী আৰু মণ্ডলসকলে অবাধে উৎকোচ লৈ ব্যাপক অৰাজকতা সৃষ্টি কৰি আহিছে ৷ সেয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী আৰু মণ্ডলসকলৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
TAGGED:
ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়