জোনাইৰ বেৰাচাপৰিৰ খহনীয়াগ্ৰস্ত অঞ্চলত যুৱকৰ শ্ৰমদান
জোনাইত বানৰ পিছত চিয়াং নৈৰ খহনীয়াই নৈ পৰীয়া কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ বিগত বানত চিয়া আৰু লালী নদীয়ে মলভোগ অঞ্চলত মথাউৰি চিঙি পেলোৱাৰ লগতে বেৰা চাপৰি অঞ্চলত মথাউৰিত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে ৷ জোনাইৰ কেবাজনো সচেতন যুৱকে উপস্থিত হয় খহনীয়া গ্ৰস্ত ৰাইজৰ লগত আলোচনা কৰাৰ লগতে উক্ত স্থানত ৰাইজৰ সৈতে শ্ৰমদান কৰে ৷
জোনাই,26 জুলাইঃ জোনাইত চিয়াং নদীৰ বান আৰু খহনীয়াই যেন ভূতৰ ওপৰত দানহ পৰাদি বিলাই-বিপত্তি মাতি আনিছে নৈৰ পাৰত অৱস্থিত গাঁৱ আৰু নৈপৰীয়াৰ জীৱনলৈ ৷ বিগত বানত চিয়াং আৰু লালী নদীৰ বানে মলভোগ অঞ্চলত মথাউৰি চিঙি পেলোৱাৰ লগতে বেৰা চাপৰি অঞ্চলত তীব্ৰ খহনীয়া সৃষ্টি কৰিছিল ৷ চিয়াং-লালী নদীৰ এনে ভয়াবহাৰ প্ৰতি লক্ষ্য ৰাখি গঞা ৰাইজৰ সেৱাৰ্থে মানৱতাৰ বৃহত্তৰ স্বাৰ্থত বৃহস্পতিবাৰে জোনাইৰ কেবাজনো সচেতন যুৱক চিয়াং-লালীৰ খহনীয়াগ্ৰস্ত স্থানত উপস্থিত হৈ পীড়িত ৰাইজৰ সৈতে একেলগে শ্ৰমদান কৰে ৷ জোনাইৰ গৌতম পেগু, দিপাঙ্কৰ কাশ্যপ, হোমেন পেগু, গুনকান্ত পেগু, গিৰিশ দেউৰী, হিতেশ কুলি, দেনিয়েল কুম্বাং, সুনিত টায়ে আদিকে প্ৰমুখ্য কৰি কেবাজনো যুৱকে খহনীয়া গ্ৰস্ত ৰাইজ সৈতে শ্ৰমদানৰ কৰাৰ লগতে উক্ত মথাউৰি মেৰামতি কৰাৰ বাবে উমৈহতীয়াভাৱে কিঞ্চিত আৰ্থিক সহায় আগবঢ়াই ৷ যুৱক কেইজনৰ এনে প্ৰচেষ্টা নিশ্চিতভাৱে প্ৰশংসনীয় বুলি স্থানীয় ৰাইজে অভিহিত কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ৷