জোনাই, ৯ জুলাই :ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ নৈশ পাৰ্টিত মৃত্যু ঘটিছে এগৰাকী যুৱতীৰ ৷ বুধবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা ৷ ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷
নৈশ পাৰ্টিত যুৱতীৰ মৃত্যু উল্লেখ্য যে, চিলাপথাৰ অঞ্চলত সন্ধিয়া হ'লেই ড্ৰাগছ, সুৰা আদিৰ আড্ডা পাতে একাংশ উশৃংখল যুৱকে ৷ তাৰ মাজতে অঞ্চলটোত গঢ় লৈছে নাইট ক্লাৱ ৷ এই নাইট ক্লাৱ সমূহত নিশা প্ৰায় দুই- আঢ়ৈ বজালৈকে চলে পাৰ্টি আৰু নিচাৰ আড্ডা ৷ তেনে এক আড্ডাত অংশ ল'বলৈ গৈয়েই মৃত্যুক আঁকোৱালি লয় টানিয়া ৰেগন নামৰ 23 বছৰীয়া যুৱতী গৰাকীয়ে ৷
নাইট ক্লাৱত মৃত্যু এগৰাকী যুৱতীৰ আশ্চৰ্যজনকভাৱে মৃত যুৱতীগৰাকীক নাইট ক্লাৱটোতে পেলায় থৈ পলায়ন কৰে সতীৰ্থসকল পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনটোৰ লগত জড়িত নোমল পেগু আৰু লাচিত পেগু নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 390/30 আৰু 320/34 ধাৰাৰ অধীনত চিলাপথাৰ থানাত এটি গোচৰ ৰুজু কৰিছে । আনহাতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পাচত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ৷
লগতে পঢ়ক :ড্ৰাগছ আসক্ত কিশোৰীৰ মৃত্যুৰ পাছত অধিক সক্ৰিয় নগাঁও আৰক্ষী