জোনাই, 10 অক্টোবৰ:ধেমাজিত অপৰিৱৰ্তনীয় আহিনৰ আবতৰীয়া বান (Flood in Dhemaji)৷ বিগত কেইবাদিনো ধৰি জিলাখনত নেৰানেপেৰা বৰষুণ পৰি থকাৰ ফলত পুনৰ বৃদ্ধি হৈছে ধেমাজি জিলাৰ চকুলো খ্যাত জীয়াঢল নদী ৷ জীয়াঢলৰ নদীৰ কাংকু সূঁতিয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাস্তা-ঘাট, বিদ্যালয়, ঘৰ-দুৱাৰ বুৰাই পেলাইছে (Worst Flood situation in Dhemaji) ৷
বিগত দুদিন ধৰি ধেমাজি জীয়াঢল চাৰিআলিৰ পৰা ৰে’লৱে ষ্টেচনলৈ যোৱা পথটো বুৰাই পেলোৱাত অঞ্চলটোৰ লোকসকলৰ যাতায়াত বিঘ্নিত হৈ পৰিছে ৷ পথৰ ওপৰত থকা বাঁহৰ দলংখনৰো অৱস্থা তথৈবচ হৈ পৰিছে ৷ যাৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷