অসম

assam

ETV Bharat / state

World Mental Health Day : বিশ্ব মানসিক স্বাস্থ্য দিৱস : ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগী - ধেমাজিত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগী

প্ৰতি বছৰে ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাবে পালন কৰা হয় । এনে ৰোগ প্ৰতিৰোধৰ বাবে চেড'ই ২০১৮ চনৰ পৰা ধেমাজিত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে ৷

World Mental Health Day 2023
বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৩

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 3:27 PM IST

বিশ্ব মানসিক স্বাস্থ্য দিৱস ২০২৩

ধেমাজি, ১০ অক্টোবৰ :আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ ১৯৯২ চনৰে পৰা বিশ্ববাসীৰ মনৰ সুস্থতা কামনাৰে উৎসৰ্গিত এটা দিন হিচাপে চিহ্নিত হৈ আহিছে ১০ অক্টোবৰৰ দিনটো ৷ মানসিক স্বাস্থ্যৰ প্ৰতি সকলোকে সজাগ কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি প্ৰত্যেক বছৰে ১০ অক্টোবৰৰ দিনটো মানসিক স্বাস্থ্য সম্পৰ্কীয় দিশ সামৰি একোটা নিৰ্দিষ্ট বিষয়ৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় ৷ ভাৰতৰ আন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে । অসমৰ আন জিলাৰ লগতে ধেমাজিতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

সাম্প্ৰতিক সময়ত ধেমাজিত শাৰীৰিক ৰোগৰ দৰে মানসিক ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এই কথা সদৰী কৰিছে ধেমাজিৰ কোৱাফলাস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান আৰ্থ-সামাজিক বিকাশ সংস্থা চমুকৈ চেড’ই ৷ চেড'ই ২০১৮ চনৰে পৰা অসমৰ চিৰাং জিলাৰ 'দ্য় এন্ট' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত ধেমাজিত এক স্থায়ী আৰু নিয়মীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে ৷ প্ৰতি মাহৰ দেওবাৰে চিকিৎসা শিবিৰত অভিজ্ঞ মনোৰোগ চিকিৎসকে চিকিৎসা,পৰামৰ্শ আৰু ঔষধ প্ৰদান কৰি আহিছে ৷ লগতে বিদ্যালয়-মহাবিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷

এতিয়ালৈ জিলাখনত এক হাজাৰৰো অধিক মানসিক ৰোগীক চিকিৎসা কৰিছে চেড’ই ৷ ইতিমধ্যে শিবিৰত উপস্থিত থাকি নিয়মিত ঔষধ সেৱন কৰি বহু ৰোগী সুস্থ হৈ উঠিছে ৷ চেড’ৰ সচিৱ নবজ্যোতি দত্তই এই প্ৰসংগত কয় যে বিজ্ঞান প্ৰযুক্তিৰ যুগত মানুহে উচ্চ শিক্ষিত হৈ জ্ঞান আহৰণ কৰিছে যদিও বিভিন্ন কাৰণত মানসিক ৰোগত আক্ৰান্ত হৈ আহিছে বহু লোকে ৷ মানসিক অশান্তিত দিন অতিবাহিত কৰিছে বহু পৰিয়ালে ৷ শেহতীয়াকৈ নিচাজাতীয় দ্ৰব্যৰ আসক্তিৰ ফলতো বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা ৷

লক্ষণীয়ভাৱে এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ভূমিকাক সমালোচনা কৰে চেড’ই । কিয়নো ধেমাজি অসামৰিক চিকিৎসালয়ত থকা মানসিক ৰোগৰ বিভাগটোত প্ৰায়ে নাথাকে মনোৰোগৰ চিকিৎসক ৷ অনিয়মীয়া চিকিৎসকৰ উপস্থিতিৰ বাবে জিলা মানসিক স্বাস্থ্য সেৱা আচঁনিখনৰ পৰা সুফল পোৱা নাই ধেমাজিবাসীয়ে ৷ সেয়ে চৰকাৰৰ স্বাস্থ্য বিভাগক এই দিশটোত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে চেড'ই ৷

লগতে পঢ়ক:Mising Autonomous Council:মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details