অসম

assam

ETV Bharat / state

World Leprosy Day in Dhemaji: ধেমাজিত কুষ্ঠ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান - Awareness campaign against Leprosy in Dhemaji

দিনক দিনে অসংক্ৰামক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । এই বিষয়ে সজাগ কৰিবলৈ ধেমাজিত কুষ্ঠ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান (World Leprosy Day) ৷ বিশ্ব কুষ্ঠ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই অভিযানত দুগৰাকী কুষ্ঠ ৰোগীক সম্বৰ্ধনা ।

Awareness campaign against Leprosy in Dhemaji
কুষ্ঠ ৰোগৰ সজাগতা অভিযান

By

Published : Jan 31, 2023, 1:21 PM IST

কুষ্ঠ ৰোগৰ সজাগতা অভিযান

ধেমাজি, ৩১ জানুৱাৰী: ধেমাজিত কুষ্ঠ ৰোগৰ বিৰুদ্ধে সজাগতা অভিযান ২০২৩ সোমবাৰৰ পৰা আৰম্ভ হৈছে (Awareness campaign against Leprosy in Dhemaji)৷ ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত এই স্পৰ্শ কুষ্ঠ ৰোগৰ বিৰুদ্ধে সজাগতা আৰম্ভ কৰা হৈছে (Awareness of Dhemaji District Health Department on Leprosy)। ধেমাজি স্বাস্থ্য ভৱনত উদযাপন কৰা কুষ্ঠ ৰোগ বিৰোধি দিৱস উপলক্ষে কুষ্ঠৰোগৰ বিৰুদ্ধে সজাগতাৰ বাবে পুৱা ১০.১৫ বজাত স্বাস্থ্য়কৰ্মী আৰু চিকিৎসকসকলৰ দ্বাৰা এটি কুষ্ঠ ৰোগ সজাগতা সমদল উলিওৱা হয় । ধেমাজি নগৰত এই সজাগতা সমদল উলিওৱা হয় ৷ সজাগতা সমদলটোৰ শুভ উদ্বোধন কৰে ধেমাজি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃসৌৰভ কুমাৰ গগৈয়ে ৷

ইয়াৰ পিছতেই এই দিৱসৰ লগত সংগতি ৰাখি ধেমাজি স্বাস্থ্য ভৱনত এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ এই সভাতে দুগৰাকী কুষ্ঠ ৰোগীকো সম্বৰ্ধনা জনাই উৎসাহিত কৰে ৷ সজাগতা সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে কুষ্ঠ ৰোগৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ৷ তেওঁ কয় যে সম্প্ৰতি দিনক দিনে সংক্ৰামক ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে যদিও অসংক্ৰামক ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ তেওঁ কয় যে ২০০৫ চনত সংক্ৰামক ৰোগীৰ সংখ্যা আছিল ৬০ শতাংশ । ইয়াৰ বিপৰীতে অসংক্ৰামক ৰোগীৰ সংখ্যা ৪০ শতাংশ বুলি তেওঁ উল্লেখ কৰে ৷ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে পুনৰ কয় যে ২০২০ বৰ্ষত সংক্ৰামক ৰোগীৰ সংখ্যা ৪০ শতাংশৰ বিপৰীতে অসংক্ৰামক ৰোগী সংখ্যা হৈছেগৈ ৬০ শতাংশ ৷ কুষ্ঠ ৰোগীক সমাজৰে এজন বুলি গণ্য কৰি তেওঁলোকক ঘৃণাৰ চকুৰে চোৱাৰ মানসিকতা এৰাই চলিব লাগে বুলি তেওঁ ৰাইজক আহ্বান জনায় ।

উল্লেখ্য় যে কুষ্ঠ ৰোগ বা হেঞ্চেনৰ ৰোগৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে জানুৱাৰীৰ শেষৰটো দেওবাৰে আন্তৰ্জাতিক ভাৱে বিশ্ব কুষ্ঠ দিৱস পালন কৰা হয় । এই তাৰিখটো ফৰাচী মানৱতাবাদী ৰাউল ফলেৰৌয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বাছনি কৰিছিল । কিয়নো জাতীৰ পিতা মহাত্মা গান্ধী কুষ্ঠ ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰতি বহু সহানুভূতিশীল আছিল । নৰ'ৱেৰ এজন বিজ্ঞানী গেৰহাৰ্ড হেনৰিক আৰ্মাউৰ হেনছেনে ৰোগটোৰ বংশগত পীড়া তত্ত্বক অস্বীকাৰ কৰি কুষ্ঠ ৰোগৰ কাৰণ হিচাপে মাইকোবেক্টেৰিয়াম লেপ্ৰাই আৱিষ্কাৰ কৰিছিল । ১৮৪১ চনত নৰৱেৰ বাৰ্গেনত ডেনমাৰ্কৰ এটা পৰিয়ালত তেওঁৰ জন্ম হৈছিল ।

লগতে পঢ়ক:Odisha Minister Assassination: সম্পন্ন হ’ল ওডিশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসৰ শেষকৃত্য; ৰহস্যৰ আৱৰ্তত হত্যাকাণ্ডৰ কাৰণ

ABOUT THE AUTHOR

...view details