ধেমাজি, ৪ জানুৱাৰী: বিশ্ব ব্ৰেইলি দিৱস উপলক্ষে যোৱা ২ জানুৱাৰীৰ পৰা ধেমাজি জিলাৰ তিনিটা শিক্ষাখণ্ডত অসম সৰ্বশিক্ষা মিছনৰ অধীনত সজাগতা আৰু মুকলি সভাৰ অনুষ্ঠিত কৰা হয় । সোমবাৰে ধেমাজি শিক্ষাখণ্ডৰ ধেমাজি টাউন গাৰ্লছ হাইস্কুল প্ৰাংগণত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা বিশেষভাৱে সক্ষম শিশু আৰু কিশোৰসকলক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে গীত-নৃত্য প্ৰদৰ্শন কৰি তেওঁলোকক আমোদ দিয়াৰ চেষ্টা কৰা হয় ।
বিশ্ব ব্ৰেইলি দিৱস উপলক্ষে ধেমাজিত অনুষ্ঠিত সজাগতা সভাৰ সামৰণি - অসম সৰ্বশিক্ষা মিছনৰ অধীনত সজাগতা আৰু মুকলি সভা
ধেমাজিত অসম সৰ্বশিক্ষা মিছনৰ অধীনত বিশ্ব ব্ৰেইলি দিৱস উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সজাগতা সভাৰ আজি সামৰণি পৰে । ধেমাজি টাউন গাৰ্লছ হাইস্কুল প্ৰাংগনত সামৰণি অনুষ্ঠানৰ আয়োজন ।
লগতে একোটাকৈ উপহাৰ দি উৎসাহিত কৰে আয়োজকসকলে ৷ সভাত দিব্যাংগ লোকসকলৰ অধিকাৰ আইনৰ ওপৰত আলোকপাত কৰা লগতে চৰকাৰে আগবঢ়োৱা সা-সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় বিশিষ্ট ব্যক্তিসকলে ৷ সামৰণি অনুষ্ঠানৰ আঁত ধৰে জিলা আঁচনি বিষয়া অৱনী নাথে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা,যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ উদয়ন বৰুৱা,অতিৰিক্ত উপায়ুক্ত মহৰ্ষি কাশ্যপ, জিলা সমাজ কল্যাণ বিষয়া বিৰিঞ্চি বৰা ।
লগতে পঢ়ক:প্ৰয়াত তৰুণ গগৈৰ চিতাভস্ম লৈ নলবাৰীত উপস্থিত শান্তি সম্ভাৱনা দল