ধেমাজি, 3 আগষ্ট:দেশৰ আন প্ৰান্তৰৰ দৰে অসমতো শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তাৰ দিশটোৰ ৰাজহাড়ডাল ভাঙি অতি কৌশলেৰে কিদৰে পুঁজিপতিসকলে চাহ খেতিয়কসকলক শোষণ-নিষ্পেষণ কৰে সেয়া লেপেটকটাৰ চাহ কলঘৰৰ শ্ৰমিক মইনা নায়কৰ দুৰ্ঘটনাই প্ৰমাণ কৰিছিল(Govt to push four labour codes replacing the existing acts)।
ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মইনা নায়কৰ ন্যায়ৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে প্ৰতিবাদ (Dibrugarh Tea garden accident)। তাৰ মাজতে পুনৰ একে ঘটনাই সংঘটিত হৈছে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ মাছখোবাৰ বুটিকোৰ হাবুং টি এণ্ড ইণ্ডাষ্ট্ৰীত (Dhemaji Habung Tea & Industries Private Limited accident) ৷ জানিব পৰা মতে যোৱা দেওবাৰেই বুটিকোৰ হিলৈপৰা গাঁৱৰ নিবাসী ফনিধৰ কলিতাই প্ৰতিস্থানটোৰ কলঘৰত কৰ্মৰত অৱস্থাতে এখন ভৰি মেচিনত সোমাই পৰে ৷
গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা ফনিধৰ কলিতাক কৰ্তৃপক্ষই ততাতয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও শ্ৰমিক ফণীধৰ কলিতাই হেৰুৱালে এখন ভৰি ৷ ফণীধৰ কলিতাৰ আঘাতপ্ৰাপ্ত ভৰিখন চিকিৎসকে কাটি দিব লগা হ’ল (Tea garden worker injured as left leg gets stuck in machine) ৷