অসম

assam

ETV Bharat / state

চিমেন চাপৰিত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ - ধেমাজি

জোনাই অঞ্চলত দীৰ্ঘদিন অব্যাহত আছে ব্যাপক বনধ্বংসৰ কাৰ্য ৷ এই সম্পৰ্কে বহুবাৰ বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছে যদিও বনধ্বংসৰ কাৰ্য সম্পৰ্কত বিভাগীয় কতৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

চিমেন চাপৰিত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

By

Published : Sep 6, 2019, 8:13 AM IST

জোনাই, 6 ছেপ্টেম্বৰঃ অসম অৰুণাচলৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ জোনাই অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে বনধ্বংসৰ কাৰ্য ৷ ৷ বুধবাৰে নিশা চিমেন চাপৰিত আৰক্ষীৰ এক তহলদাৰী দলে NL-01AA-9648 নম্বৰৰ দহচকীয়া এখন চোৰাং কাঠৰ ট্ৰাক জব্দ কৰে ৷ তথ্য অনুসৰি জব্দকৃত কাঠসমূহ পাছিঘাটৰ কেশৱ পাণ্ডে আৰু জোনাইৰ সঞ্জীৱ দাসৰ, তেওঁলোকে কাঠখিনি অৰুণাচলৰ চিলোক চ'মিলৰ পৰা অনা বুলি কিছু নথিপত্ৰ দেখুৱাইছে যদিও নথিপত্ৰসমূহ কোনোধৰণৰ বৈধ্যতা নাই বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

আনহাতে বিভাগীয় চীল নথকা জব্দকৃত কাঠসমূহ বিষয়ে আৰক্ষীয়ে জোনাই আঞ্চলিক বন বিষয়াক অৱগত কৰে যদিও বন বিষয়াজনে ৰহস্যজনক ভাৱে আত্মগোপন কৰি বিষয়টোৰ পৰা আঁতৰি থকা বুলি অভিযোগ উঠিছে ৷ বিষয়াজনৰ ছত্ৰছায়াতে জোনাই এলেকাত বন বিভাগৰ বন ধ্বংসৰ কৰ্য চলি আহিছে বুলি এতিয়া স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ ঘটনা সন্দৰ্ভত চিমেন চাপৰি আৰক্ষী থানাই 60/2019 নম্বৰ গোচৰ পঞ্জীয়ন কৰি U/S 120(B)/379/420/468 IPC আৰু R/W Sec.34/35/40A FR ৰ অধীনত তদন্ত আৰম্ভ কৰিছে ৷

জোনাইৰ চিমেন চাপৰিত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details