নিউজ ডেস্ক, 8 নৱেম্বৰ:সমাপ্ত হ’ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (DAC poll 2022) ৷ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণ আছিল এই নিৰ্বাচন ৷ মুঠ 22 টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হয় এই নিৰ্বাচন (Total constituency of DAC) ৷ ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথসহ মুঠ আঠ খন জিলাত বৃস্তিত হৈ আছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 22 টা পৰিষদীয় সমষ্টি ৷ অহা 10 নৱেম্বৰত হ’ব ভোট গণনা (DAC vote counting date) ৷
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সমষ্টি কেইটা হৈছে, শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, টেঙাপানী, কটিয়ৰি, ৰজাবাৰী, যোৰহাট, মাজুলী, চিচিবৰগাঁও, শ্ৰীপানী, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, বাঁহগড়া, কাচিকাটা, পিচলা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনিজান আৰু গহপুৰ ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ শাসক আৰু বিৰোধী উভয় দলে ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলায় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চল সমূহত (DAC election campaign)৷
ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ অন্তত মঙলবাৰে অনুষ্ঠিত হয় 22 টা সমষ্টিতে ভোট গ্ৰহণ ৷ 22 টা পৰিষদীয় সমষ্টিত মুঠ 75 গৰাকী বিভিন্ন দলৰ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ মুঠ 79.99 শতাংশ ভোট দানেৰে অন্ত পৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া (Total voting percentage in DAC election)৷
22 নং গহপুৰ পাৰিষদীয় সমষ্টিত তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয় । শান্তিপুৰ মধ্য ইংৰাজী বিদ্যালয়, ধৰমপুৰ মাজলাইন প্ৰাথমিক বিদ্যালয়, ৪নং বালিজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । শান্তিপূৰ্ণভাৱেই ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰে । 2073 টা ভোট থকা এই সমষ্টিটোত 1522 জনে ভোটাধিকাৰ সাব্যস্ত কৰে । 73.45 শতাংশ ভোটদান হয় 22 নং গহপুৰ পাৰিষদীয় সমষ্টিত ।
জোনাইত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত 12 নং জোনাই পাৰিষদীয় সমষ্টিত 83.26 শতাংশ ভোটাধিকাৰ সাব্যস্ত । সমষ্টিটোৰ ৫ টা ভোটকেন্দ্ৰত সুচাৰূপে ভোটদান প্ৰক্ৰিয়া সম্পন্ন (DAC election 2022) ।
ধেমাজিৰ চাৰিওটা সমষ্টিতে ভোটগ্ৰহণ প্ৰক্ৰিয়া আছিল শান্তিপূৰ্ণ ৷ চিচিবৰগাঁও পৰিষদীয় সমষ্টিত 79.38 শতাংশ, শ্ৰীপানীত 75.06 শতাংশ, বৰদলনিত 81.01 শতাংশ আৰু গোগামুখত 83.09 শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ ৷ মুঠ ভোটদানৰ হাৰ হৈছে 79.28 শতাংশ ৷
লখিমপুৰ জিলাত থকা পৰিষদখনৰ 7 টা সমষ্টিত 77.15 শতাংশ ভোটদান হয় । 15 নং বৰদেউৰী সমষ্টিত 76.86 শতাংশ, 16 নং বাহগড়া সমষ্টিত 65.72 শতাংশ, 17 নং কাচিকটা সমষ্টিত 89.54 শতাংশ, 18 নং পিচলা সমষ্টিত 83.32 শতাংশ, 19 নং কিনাপথাৰ সমষ্টিত 76.02 শতাংশ, 20 নং বঙালমৰা সমষ্টিত 87.38 শতাংশ আৰু 21 নং গাভৰু টুনিজান সমষ্টিত 87.89 শতাংশ ভোটদান হয় । মুঠ 12,457 জন ভোটাৰৰ 77.15 শতাংশ ভোটাৰে ভোটদান কৰে লখিমপুৰত ।