জোনাই, ৩ অক্টোবৰ: ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে জোনাই বনাঞ্চলিক কাৰ্যালয়ত কৰ'ণা মহামাৰীৰ মাজতে শনিবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। ধেমাজি জিলা বন বিভাগৰ উদ্যোগত আৰু জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত জোনাই বনাঞ্চলিক কাৰ্যালয় প্ৰাংগনত বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় ।
জোনাইত ৬৬তম বন্যপ্ৰাণী সপ্তাহ উদযাপন - ধেমাজি
ধেমাজি জিলা বন বিভাগৰ উদ্যোগত আৰু জোনাই বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত জোনাই বনাঞ্চলিক কাৰ্যালয় প্ৰাংগনত বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় ।
![জোনাইত ৬৬তম বন্যপ্ৰাণী সপ্তাহ উদযাপন wildlife week 2020](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9040432-thumbnail-3x2-jonai.jpg)
বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ধেমাজি জিলাৰ একমাত্ৰ জোনাই বৰ্ষাৰণ্যৰ লগতে জোনাই অঞ্চলত থকা বনাঞ্চল সমূহত বন্যপ্ৰাণীৰ ৰক্ষনাবেক্ষণ দিয়াৰ ওপৰত স্থানীয়লোকৰ মাজত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ আজিৰ বন্যপ্ৰাণী সপ্তাহ কাৰ্যসূচীত ধেমাজি জিলা সহকাৰী বন সংৰক্ষক ৰোহিনী কুমাৰ দাস, ধেমাজি জিলা বনাঞ্চলিক বিষয়া অমিয় পাচনি, জোনাই বনসংপালক সিদ্ধাৰ্থ পেগু, ধেমাজি জিলা বনসংপালক লাকী দত্ত , শিক্ষক তথা প্ৰকৃতি প্ৰেমী তোষেশ্বৰ মিৰি আগৰৱালাৰ লগতে জোনাই বনাঞ্চলিক কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক: কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত