জোনাই ১৭ মাৰ্চঃবনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ অন্যতম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷ কিন্তু উপযুক্ত সংৰক্ষণৰ অভাৱত আৰু চোৰাং চিকাৰী কবলত পৰি ক্ৰমে অস্তিত্বৰ সংকটত এই বিশ্ব বিখ্যাত বনৰীয়া ঘোঁৰা ৷ বিগত সময়ত খাদ্যৰ সন্ধানত বহুসংখ্যক বনৰীয়া ঘোঁৰা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পৰা ওলাই আহি ব্ৰহ্মপুত্ৰৰ বুকুত থকা বিভিন্ন চাপৰিৰ লগতে জোনাই শিৱগুৰিত মুক্ত বিচৰণ কৰা দেখা যায় ৷
জোনাই শিৱগুৰিত বন ঘোঁৰাৰ মুক্ত বিচৰণঃ খবৰ নাই বন বিভাগৰ - WILD HORSE
অঞ্চলটোত বনৰীয়া ঘোঁৰাৰ এনে মুক্ত বিচৰণক উদ্দেশ্য কৰি ডিব্ৰু-ছৈখোৱা আৰু জোনাই বন বিভাগক অতি শীঘ্ৰে উচিত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনিছে স্থানীয় সচেতন ৰাইজে ।
জোনাই শিৱগুৰিত নিৰাপত্তাহীন অৱস্থাত বন ঘোঁৰাৰ মুক্ত বিচৰণ
জোনাই শিৱগুৰিত বিচৰণ কৰি থকা প্ৰায় ৫০ - ৬০ টা বনৰীয়া ঘোঁৰাই সময়ে-সময়ে খেতিয়কৰ পথাৰত ধান খাই নষ্ট কৰি অহা বুলিও অভিযোগ কৰে স্থানীয় খেতিয়ক সকলে ৷ ইফালে অসমৰ লগতে অন্য ৰাজ্যৰ পৰাও বিভিন্ন সময়ত শিৱগুৰিলৈ বহু লোক বনৰীয়া ঘোঁৰা দৰ্শনৰ বাবে আহে । অঞ্চলটোত বনৰীয়া ঘোঁৰাৰ এনে মুক্ত বিচৰণক উদ্দেশ্য কৰি ডিব্ৰু-ছৈখোৱা আৰু জোনাই বন বিভাগক অতি শীঘ্ৰে উচিত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনিছে স্থানীয় সচেতন ৰাইজে ।