ধেমাজি, 26 মাৰ্চঃবৃহস্পতিবাৰে সন্ধিয়া ধেমাজিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে আতংক সৃষ্টি কৰে ৷ জানিব পৰা মতে কেইবা ঠাইত বন্যহস্তীৰ জাকে বিচৰণ কৰে ৷ পৰৱৰ্তী সময়ত হাতীৰ জাকটো ছেদেলি ভেদেলি হৈ নগৰৰ বিভিন্ন স্থানত অৱস্থান কৰি আতংকৰ সৃষ্টি কৰে ৷ হাতীৰ জাকটোৱে কেইবাটাও গৃহ ক্ষতিসাধন কৰি যায় বুলি জানিব পৰা গৈছে ৷ ধেমাজিৰ ভৰালীচুক, ৰতনপুৰ, নলনীপাম, হাতীগড়, বৰপাটৰীয়া, পাঁচআলি, ভেহপৰা আদি অঞ্চলত আতংকৰ সৃষ্টি কৰে বন্যহস্তীৰ দলটোৱে ৷ যাৰ বাবে লক ডাউনৰ কথা পাহৰি স্থানীয় ৰাইজে ফটকা ফুটাই, জুই জ্বলাই নগৰৰ পাশ্বৱৰ্তী অঞ্চলত নিশা দুপৰলৈকে হাতী খেদাৰ ব্যৱস্থা কৰে ৷
ধেমাজিত বন্যহস্তীৰ আতংক - তীৰ জাকটোৱে কেইবাটাও গৃহ ক্ষতিসাধন কৰে
ধেমাজিৰ বিভিন্ন অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া আতংকৰ সৃষ্টি কৰে বনৰীয়া হাতীৰ এটা জাকে ৷ যাৰ বাবে লক ডাউনৰ কথা পাহৰি স্থানীয় ৰাইজে ফটকা ফুটাই, জুই জ্বলাই নগৰৰ পাশ্বৱতী অঞ্চলত নিশা দুপৰলৈকে হাতী খেদাৰ ব্যৱস্থা কৰে ৷

ধেমাজিত বন্যহস্তীৰ আতংক