অসম

assam

By

Published : Oct 8, 2021, 7:32 PM IST

ETV Bharat / state

তাঁতশালত জীৱনৰ চিত্ৰ নিৰ্মাণেৰে জগত জিনাৰ প্ৰয়াস জিনু চুতীয়াৰ

অসমৰ বয়ন শিল্পৰ প্ৰাণ তাঁতশালত জীৱনৰ চিত্ৰ নিৰ্মাণেৰে জগত জিনাৰ প্ৰয়াস ৷ গান্ধীজীৰ যঁতৰত সূতা কাটি থকাৰ চিত্ৰ আঁকিলে গামোচাত ৷ গামোচাত প্ৰাণ পাইছে স্বাধীনতা সংগ্ৰামী, সাহিত্যিক, ৰাজনীতিবিদ তথা শিল্পীৰ চিত্ৰই ৷

weaver from dhemaji creating extraordinary  art work through handloom
তাঁতশালত জীৱনৰ চিত্ৰ নিৰ্মাণেৰে জগত জিনাৰ প্ৰয়াস জিনু চুতীয়াৰ

জোনাই, 8 অক্টোবৰ : এগৰাকী শিপিনীৰ তাঁতশালত প্ৰাণ পাইছে দেশৰ স্বাধীনতা সংগ্ৰামীৰ পৰা ধৰি সাহিত্যিক, ৰাজনীতিবিদ তথা শিল্পীৰ চিত্ৰই ৷ অসমৰ বয়ন শিল্পৰ প্ৰাণ তাঁতশালত বহি শিপিনী গৰাকীয়ে গামোচাত খোদিত কৰিছে বিভিন্ন চিত্ৰ ৷ জোনাইৰ কমলপুৰৰ নিবাসী তথা মূৰ্কংচেলেক জাতীয় বিদ্যালয়ত শিক্ষকতা কৰা এই মহিলা গৰাকীৰ নাম জিনু চুতীয়া বৰুৱা ৷

তাঁতশালত জীৱনৰ চিত্ৰ নিৰ্মাণেৰে জগত জিনাৰ প্ৰয়াস জিনু চুতীয়াৰ

সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা মহিলা গৰাকীয়ে তাঁতশালৰ লগতে মাকোৰ খিটখিটনিৰ লগত আছে এক নিবিড় সম্পৰ্ক ৷ বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে আগবঢ়া জীনু চুতীয়া বৰুৱাই নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে তাঁতশালত বোৱা গামোচাত বিভিন্ন চিত্ৰ খোদিত কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক :আদানীৰ হাতলৈ বৰঝাৰ বিমানবন্দৰ; এজেপিৰ মৌন প্ৰতিবাদ

ইতিমধ্যে জিনু চুতীয়া বৰুৱাই বোৱা গামোচাত প্ৰাণ পাইছে দেশৰ স্বাধীনতা সংগ্ৰামীৰ লগতে শিল্পী সাহিত্যিক তথা বিভিন্ন ৰাজনীতিবিদৰ চিত্ৰই ৷ তাঁতশালত বোৱা বিভিন্ন চিত্ৰ সম্বলিত বস্ত্ৰৰ জৰিয়তে জগত জিনাৰ প্ৰয়াস কৰা শিপিনী গৰাকীয়ে অলপতে মুগা আৰু এড়ী সূতাৰে শালত বৈ উলিয়ালে জাতিৰ পিতা মহাত্মা গান্ধীৰ যঁতৰত সূতা কাটি থকা ফটোৰ লগতে ভাৰতৰ মানচিত্ৰখন ৷

যোৱা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ উপলক্ষে শিপিনী গৰাকীয়ে বৈ উলিয়ালে জাতিৰ পিতা আৰু দেশৰ মানচিত্ৰখন ৷ উল্লেখ্য যে, জিনু চুতীয়া বৰুৱাই ২০১৬ চনত প্ৰায় ১৩ ফুট দৈৰ্ঘৰ গামোচাত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ফটোসহ তেখেতৰ দহটা লোকপ্ৰিয় গীত, ২০১৭ চনত ১২৪ ফুট দীঘল গামোচাত মহাপুৰুষ শংকৰদেৱৰ ফটোসহ ৩৪ টা বৰগীত লিখিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক :ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ

তাৰোপৰি ১৩ ফুট দৈৰ্ঘৰ এখন গামোচাত ৮ টা গায়ন মালিতা ফুল বাছি উলিয়াইছিল ৷ এইগৰাকী শিপিনীয়ে ২০১৮ চনত অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱা, ভূপেন হাজৰিকা, হেমচন্দ্ৰ গোস্বামী, কণকসেন ডেকা, হোমেন বৰগোহাঞি, ড˚ নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি অসম সাহিত্য সভাৰ পূৰ্বৰ সকলো সভাপতিৰ চিত্ৰ আৰু নাম ২০ ফুট দীঘল এখন গামোচাত ফুল বাচি উলিয়াইছিল ৷

ইয়াৰ উপৰিও, ১৫ ফুট দৈৰ্ঘৰ এখন গামোচাত ২৫ দিনৰ ভিতৰত ৮ টা মৃদং আৰু জুবিন গাৰ্গৰ 'অ মা, অ দেউতা' গীত দুটাও গামোচাত ফুল বাছি উলিওৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোকৰ ছবিয়ে প্ৰাণ পাইছে জিনু চুতীয়া বৰুৱাৰ গামোচাত ৷

বৰ্তমান সময়ত নিজাববীয়াকৈ কলাক্ষেত্ৰৰ নিৰ্মাণৰ এক বিশেষ পৰিকল্পনা কৰি থকা শিপিনী জিনু চুতীয়া বৰুৱাই কৰ্ম সংস্কৃতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ মহান কৰ্মৰাজী হৈ উঠক সমাজৰ প্ৰতিটো প্ৰজন্মৰ বাবে এক আদৰ্শৰ স্বৰূপ ৷

লগতে পঢ়ক :মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বিধায়ক শ্বেৰমান আলীক

ABOUT THE AUTHOR

...view details