জোনাই, 16 জুন : জোনাইৰ এটা কন্টেইমেন্ট (containment zone) অঞ্চলত যোৱা মঙলবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখযোগ্য যে, জোনাইৰ ওপৰ বাহিৰ জোনাই গাঁওখনত স্বাস্থ্য বিভাগে পৰীক্ষা কৰাত ৪০ গৰাকী বাসিন্দাৰ দেহত ক’ভিড-19 (COVID-19) পজিটিভ ধৰা পৰে ৷ যাৰ বাবে এই ওপৰ বাহিৰ জোনাই গাঁও খনক ধেমাজি জিলা উপায়ুক্তই কন্টেইমেন্ট জ’ন (containment zone) হিচাপে যোৱা দেওবাৰে ঘোষণা কৰে ৷
ইপিনে এই ওপৰ বাহিৰ জোনাই গাঁও খনত মঙলবাৰে স্বাস্থ্য বিভাগৰ এটা দলে পুনৰ বাসিন্দাসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ উপস্থিত হোৱাত স্বাস্থ্য বিভাগৰ দলটোক বাধা দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা কৰাবলৈ অমান্তি হয় গাঁও খনৰ লোকসকল ৷ তাৰ সমান্তৰালকৈ গাঁৱৰ বাসিন্দাসকলে পৰ্যাপ্ত পৰিমাণে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ আনি পুৰুষ মহিলা সকলে ঘৰৰ পৰা ওলাই আহি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷